NORTHEAST NOW (Assamese)

অখিল গগৈৰ মুক্তিৰ দাবীত মটক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ মুণ্ডন

April 29, 2020 6:50 am · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

শাসনাধিষ্ঠ বিজেপি চৰকাৰে এটোৰ পিছত আন এটা গোচৰ জাপি দি দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰখা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত মঙলবাৰে মুণ্ডন কাৰ্যসূচী গ্ৰহণ কৰে মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুল গগৈয়ে।

লকডাউনৰ বাবে বিতুল গগৈয়ে নিজ গৃহতেই মুণ্ডন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

অখিল গগৈৰ মুক্তিৰ দাবীত মুণ্ডন কৰা বিতুল গগৈয়ে কয়, ‍‘অসমৰ জনসাধাৰণৰ তথা জাতীয় সত্বাক সন্মুখৰ পৰা বলিষ্ঠ নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক চৰকাৰে চলে বলে কৌশলে হত্যা কৰিব বিচাৰিছে’।

বিজেপি চৰকাৰৰ চৈৰাচাৰী শাসনে ইটোৰ পিছত সিটো মনে সজা গোচৰ তৰি অখিল গগৈক জেলৰ ভিতৰতে নিঃশেষ কৰাৰ চক্ৰান্তত লিপ্ত হোৱা বুলিও অভিগোগ কৰে।

চৰকাৰে যদি অখিল গগৈক অতি শীঘ্ৰে মুক্তি নিদিয়ে তেন্তে পৰৱৰ্তী পৰ্যায়ত অন্য ধৰণ্‌ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বিতুল গগৈয়ে জানিবলৈ দিয়ে।

Related News