NORTHEAST NOW (Assamese)
Popular Stories

বিদেশৰ পৰা অহা ৫৬ কোটি মূল্যৰ মূল্যৱান সামগ্ৰী চুৰি কৰি শুল্ক বিভাগৰ জালত এজন যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2023 4:19 pm
বিদেশৰ পৰা অহা ৫৬ কোটি মূল্যৰ মূল্যৱান সামগ্ৰী চুৰি কৰি শুল্ক বিভাগৰ জালত এজন যুৱক

শুক্ৰবাৰে বিদেশৰ পৰা অহা ৫৬ কোটি টকাৰ মূল্যৰ সম্পদ চুৰি কৰাৰ অভিযোগত শুল্ক বিভাগে এজন লোকক গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত তথ্য অনুসৰি অভিযুক্তই একাংশ লোকৰ সৈতে গোপন বুজাবুজি কৰি এই সামগ্ৰী চুৰি কৰিছিল।

লগতে পঢ়কঃ PMOৰ বিষয়া হিচাপে পৰিচয় দি Z+ নিৰাপত্তা লৈ কাশ্মীৰত বৈঠক; গ্ৰেপ্তাৰ গুজৰাটী প্ৰৱঞ্চক!

ধৃত লোকজনৰ নাম অক্ষয় শংকৰ ফাদাল। জানিব পৰা মতে ফাদাল মুম্বাইৰ উপকণ্ঠ অঞ্চল ঘাটকোপাৰৰ বাসিন্দা। মুম্বাইৰ অক্ষয়ে নিয়ম উলংঘা কৰি বিদেশৰ পৰা মূল্যৱান সামগ্ৰী আমদানি কৰিছিল। শুল্ক বিভাগৰ বিষয়াসকলে আইন ভংগ কৰাৰ অভিযোগত সামগ্ৰীসমূহ জব্দ কৰে।

লগতে পঢ়কঃ হিমন্ত উবাচ! অসমত ৬০০ খন মাদ্ৰাছা বন্ধ কৰিছো আৰু সকলোবোৰ মাদ্ৰাছাই বন্ধ কৰিব বিচাৰো, কিয়নো…

উল্লেখ্য যে শুল্ক পৰিহাৰ কৰিবলৈ অবৈধভাৱে স্থানীয় বজাৰত এই সামগ্ৰী সমূহ বিক্ৰী কৰাৰ প্ৰচেষ্টা চলাইছিল অক্ষয়ে। এই অভিযোগৰ তদন্তত অক্ষয়ৰ সৈতে আন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গোপন বুজাবুজি আছে নে নাই সেই কথাত গুৰুত্ব আৰোপ কৰিছে শুল্ক বিভাগে।

লগতে পঢ়কঃ প্ৰৱঞ্চনাৰ চিকাৰ! জালিয়াতিৰ অভিযোগত ৭০০তকৈয়ো অধিক ভাৰতীয় শিক্ষাৰ্থীক দেশ এৰাৰ জাননী কানাডাৰ