অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে তেওঁ ৰাজ্যখনৰ ৬০০ খন মাদ্ৰাছা বন্ধ কৰি দিছে। তেওঁ লগতে কয় যে তেওঁ সকলো মাদ্ৰাছাই বন্ধ কৰিব বিচাৰে কিয়নো তেওঁ ইয়াৰ সলনি বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় হোৱাটো বিচাৰে।
নিৰ্বাচনমুখী কৰ্ণাটকৰ বেলগাৱীৰ শিৱাজী মহাৰাজ গাৰ্ডনত বৃহস্পতিবাৰে ‘শিৱ চাৰিথে’ৰ উদ্দেশ্যে আয়োজিত এক সমাৱেশ ভাষণ দি শৰ্মাই অভিযোগ কৰে যে বাংলাদেশৰ লোকসকল অসমলৈ আহি ইয়াৰ সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰে।
লগতে পঢ়ক: প্ৰৱঞ্চনাৰ চিকাৰ! জালিয়াতিৰ অভিযোগত ৭০০তকৈয়ো অধিক ভাৰতীয় শিক্ষাৰ্থীক দেশ এৰাৰ জাননী কানাডাৰ
বাতৰি অনুসৰি মুখ্যমন্ত্ৰী শৰ্মই কয়, “বাংলাদেশৰ লোকসকল অসমলৈ আহে আৰু আমাৰ সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰে। মই ৬০০ খন মাদ্ৰাছা বন্ধ কৰিছো আৰু মই সকলো মাদ্ৰাছা বন্ধ কৰিব বিচাৰো কিয়নো আমি মাদ্ৰাছা বিচৰা নাই। আমি বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বিচাৰো।”
যোৱা বছৰ বাংলাদেশৰ আল কায়দা-অনুমোদিত সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা পাঁচটা “জেহাদী” মডিউল উৎখাত হোৱাৰ পিছত শৰ্মাই দাবী কৰিছিল যে অসম “জেহাদী কাৰ্যকলাপৰ” কেন্দ্ৰবিন্দু হৈ পৰিছে।
লগতে পঢ়ক: PMOৰ বিষয়া হিচাপে পৰিচয় দি Z+ নিৰাপত্তা লৈ কাশ্মীৰত বৈঠক; গ্ৰেপ্তাৰ গুজৰাটী প্ৰৱঞ্চক!
শৰ্মাৰ উদ্ধৃতিৰে বাতৰি কোৱা হৈছে যে চোৰাংচোৱা তথ্য অনুসৰি, ২০১৬ ৰ পৰা ২০১৭ চনৰ ভিতৰত বাংলাদেশৰ কমেও ছয়জন এবিটি সদস্যই স্থানীয় যুৱক-যুৱতীসকলক “জেহাদী” আদৰ্শৰ বিষয়ে শিক্ষা দি সন্ত্ৰাসবাদী মডিউল আৰু স্লিপাৰ চেল স্থাপন কৰিবলৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।