জীৱনৰ অন্যতম কঠিন সময়ৰ কথা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধীয়ে। নিজৰ আত্মজীৱনী ‘Belonging: A Journey of Love’ত কৰ্কট ৰোগৰ বিৰুদ্ধে চলোৱা দীঘলীয়া যুঁজৰ ব্যক্তিগত অভিজ্ঞতা পাঠকৰ সৈতে ভাগ-বতৰা কৰিছে তেওঁ। ২০১০ চনত তেওঁৰ স্তনত কৰ্কট ৰোগ ধৰা পৰিছিল। ইয়াৰ এবছৰৰ পিছতে, ২০১১ চনত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত অগ্ন্যাশয়ত টিউমাৰ সদৃশ বৃদ্ধি ধৰা পৰাত পুনৰ এক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল ছোনীয়া গান্ধী।
আত্মজীৱনীত ছোনীয়া গান্ধীয়ে প্ৰকাশ কৰা অনুসৰি, ২০১০ চনত কৰ্কট ৰোগ ধৰা পৰাৰ পিছত দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালৰ চিকিৎসকৰ ওপৰত সম্পূৰ্ণ আস্থা থকা সত্ত্বেও তেওঁ বিদেশত চিকিৎসা গ্ৰহণৰ সিদ্ধান্ত লৈছিল। সেই সময়ৰ মানসিক অৱস্থাৰ কথা উল্লেখ কৰি তেওঁ লিখিছে যে তেওঁ অত্যন্ত আতংকিত আৰু চিন্তিত হৈ পৰিছিল। সময় নষ্ট কৰাৰ কোনো অৱকাশ নাছিল বুলি তেওঁক আৰু তেওঁৰ সন্তানসকলক জনোৱা হৈছিল। ৰোগৰ সম্ভাৱ্য ভয়ংকৰ পৰিণতিৰ আশংকাই তেওঁক খেদি ফুৰিছিল।
বিদেশত চিকিৎসা গ্ৰহণৰ আন এটা কাৰণ আছিল ব্যক্তিগত গোপনীয়তা। দিল্লীত অস্ত্ৰোপচাৰ কৰিলে ভাৰতীয় সংবাদ মাধ্যমত ব্যাপক চৰ্চা হোৱাৰ আশংকা কৰিছিল ছোনীয়া গান্ধীয়ে। তেওঁ লিখিছে, ৰাজহুৱা জীৱনৰ সৈতে জড়িত ব্যক্তি হ’লেও নিজৰ ব্যক্তিগত জীৱনৰ কিছু গোপনীয়তা ৰক্ষা কৰাৰ অধিকাৰ তেওঁৰো আছে।
২০১০ চনত ইটালীৰ মিলানত বিশ্বখ্যাত শল্য চিকিৎসক ডাঃ ভেৰোনেছিৰ তত্ত্বাৱধানত প্ৰথমটো অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। চিকিৎসকে অস্ত্ৰোপচাৰ সফল হোৱা আৰু শৰীৰত কৰ্কট ৰোগৰ কোনো অৱশিষ্ট নথকাৰ কথা তেওঁক জনাইছিল। অস্ত্ৰোপচাৰৰ সময়ত দুটা টিউমাৰ আঁতৰোৱা হৈছিল। ইয়াৰ ভিতৰত অধিক সাৱধানতাৰ বাবে সন্দেহ কম থকা আন এটা টিউমাৰো আঁতৰোৱা হৈছিল। লগতে পাঁচ সপ্তাহ ধৰি বিকিৰণ চিকিৎসা গ্ৰহণ কৰাৰ পৰা ৰেহাই দিবলৈ অস্ত্ৰোপচাৰৰ সময়তে বিশেষ বিকিৰণ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল।
কিন্তু ইয়াৰ পিছতো তেওঁৰ চিকিৎসাজনিত চিন্তা সম্পূৰ্ণৰূপে আঁতৰা নাছিল। ২০১১ চনত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত অগ্ন্যাশয়ত এটা টিউমাৰ সদৃশ বৃদ্ধি ধৰা পৰে। এই খবৰটোৱে তেওঁ আৰু তেওঁৰ সন্তানসকলক গভীৰভাৱে বিচলিত কৰিছিল। পুনৰ কৰ্কট ৰোগে দেখা দিছে নেকি, সেই আশংকাই সকলোকে চিন্তিত কৰি তুলিছিল। চিকিৎসকৰ সৈতে দীঘলীয়া আলোচনাৰ অন্তত শীঘ্ৰে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
আত্মজীৱনীত সেই সময়ৰ মানসিক অৱস্থাৰ কথা বৰ্ণনা কৰি ছোনীয়া গান্ধীয়ে লিখিছে যে চিকিৎসকসকলে আশ্বস্ত কৰিলেও তেওঁ ভয় আৰু উদ্বেগৰ মাজত আছিল। অস্ত্ৰোপচাৰৰ পিছতহে ৰোগৰ প্ৰকৃত অৱস্থা জানিব পৰা যাব বুলি তেওঁ জানিছিল। টিউমাৰটো শৰীৰৰ আন অংশলৈ বিয়পি পৰিছে নেকি আৰু তেওঁ এই কঠিন যুঁজৰ পৰা সুস্থ হৈ উভতি আহিব পাৰিব নে নাই, সেই চিন্তাই বাৰে বাৰে আমনি কৰিছিল।
পৰৱৰ্তী সময়ত নেদাৰলেণ্ডৰ ৰটাৰডেমত ডাঃ কাস্পাৰ ভান আইকৰ তত্ত্বাৱধানত তেওঁৰ দ্বিতীয়টো অস্ত্ৰোপচাৰ সম্পন্ন হয়। অস্ত্ৰোপচাৰৰ পিছত চিকিৎসকে তেওঁক জনায় যে টিউমাৰটো প্ৰাৰম্ভিক অৱস্থাতে ধৰা পৰাৰ বাবে তেওঁ ভাগ্যৱান। চিকিৎসাৰ বাবে তেওঁক হাস্পতালত প্ৰায় চাৰি সপ্তাহ থাকিবলগীয়া হৈছিল। সেই সময়ছোৱাত অধিকাংশ দিনেই কন্যা প্ৰিয়ংকা গান্ধী তেওঁৰ কাষত আছিল।
দিল্লীলৈ উভতি অহাৰ পিছত দ্বিতীয়টো দীঘলীয়া অস্ত্ৰোপচাৰৰ ধকলৰ বাবে তেওঁ শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছিল। অৱশ্যে দুয়োবাৰ চিকিৎসাৰ সময়তে কেম’থেৰাপিৰ দৰে কঠিন চিকিৎসা গ্ৰহণ কৰিবলগীয়া নহ’ল বুলি স্বস্তি প্ৰকাশ কৰিছে ছোনীয়া গান্ধীয়ে।
নিজৰ আত্মজীৱনীৰ জৰিয়তে ছোনীয়া গান্ধীয়ে জীৱনৰ এই ব্যক্তিগত আৰু কঠিন অধ্যায় প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে। কৰ্কট ৰোগৰ সৈতে যুঁজ, পৰিয়ালৰ উদ্বেগ, বিদেশত চিকিৎসা আৰু সুস্থ হৈ উভতি অহাৰ অভিজ্ঞতাই তেওঁৰ জীৱনৰ এক কঠিন সময়ৰ ছবি দাঙি ধৰিছে।


