NORTHEAST NOW (Assamese)

কোভিড-মুক্তিৰ দিশে বিশ্ব! : মানৱ দেহত পৰীক্ষা আৰম্ভ হৈছে ভাৰতৰ দুটা ভেকিচন

July 16, 2020 12:23 pm · এন ই নাও নিউজ
Updated: July 16, 2020 12:37 pm

ক’ৰ’না সন্ত্ৰাসত ত্ৰস্তমান সমগ্ৰ বিশ্ব। এতিয়াও আৱিস্কাৰ হোৱা নাই কোভিড১৯ৰ প্ৰতিষেধক।

এই ক’ৰ’নাৰ প্ৰতিষেধক আৱিস্কাৰত ব্যস্ত বিশ্ব চিকিৎসা বিজ্ঞানীসকল।

তেনে সময়তে চলিত সপ্তাহত মানৱ দেহত পৰীক্ষা সম্পন্ন কৰা হৈছে ভাৰতৰ দুটা ভেকচিন।

এই ভেকচিন দুটা হৈছে Zydus Cadila আৰু ভাৰত বায়’টেকৰ সম্ভাৱ্য ভেকচিন Covaxinel ।

Zudus Cadila আনুষ্ঠানিক ভাৱে জনাইছে যে তেওঁলোকৰ ভেকচিন ZyCoV-D মানৱ শৰীৰত পৰীক্ষা কৰা হৈছে।

সংস্থাটোৰ অধ্যক্ষ পংকজ পেটেলে জনাইছে যে, কোভিড-১৯ৰ বিৰুদ্ধে ই এটি অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।

ইতিমধ্যে প্ৰি-ক্লীনিকেল ট্ৰায়েলত ZyCoV-D নিৰাপদ প্ৰমাণিত হৈছে।

আনহাতে যোৱা মঙলবাৰে ICMR ৰ সাধাৰণ সঞ্চালক অধ্যাপক বলৰাম ভাৰ্গৱে এই সম্পৰ্কে কয়, ‘বিশ্ববাসীক এই মহামাৰীৰ পৰা ৰক্ষা কৰা আমাৰ নৈতিক দায়িত্ব। সেয়ে এই ভেকচিনৰ ফাষ্ট-ট্ৰেকিং অতি জৰুৰী।’

তেওঁৰ মতে দুয়োটি ভেকচিনেই এন্দুৰ আৰু শহা পহুৰ শৰীৰত কৰা পৰীক্ষাত সফল হৈছে আৰু এতিয়া মানৱ শৰীৰত পৰীক্ষা আৰম্ভ হৈছে।

Related News