NORTHEAST NOW (Assamese)
অসম

ৰমেন বৰুৱা সন্ধানহীন : পুৱাই গণেশ মন্দিৰলৈ গৈ নিখোঁজ জ্যেষ্ঠ সংগীত পৰিচালকগৰাকী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 22, 2024 9:04 pm
ৰমেন বৰুৱা সন্ধানহীন : পুৱাই গণেশ মন্দিৰলৈ গৈ নিখোঁজ জ্যেষ্ঠ সংগীত পৰিচালকগৰাকী

আজি পুৱাৰে পৰা সন্ধান নাই প্ৰখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱা।

জানিব পৰা মতে আজি পুৱাই লতাশিল খেলপথাৰৰ কাষতে তথা ঘৰৰ কাষতে থকা থকা গণেশ মন্দিৰলৈ বুলি ঘৰৰ পৰা উলাই আহিছিল সংগীত পৰিচালকগৰাকী। তেতিয়াৰে পৰা নিখোঁজ হৈ আছে শিল্পীগৰাকী।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ১০ বজাত ঘৰৰ পৰা গণেশ মন্দিৰলৈ গৈছিল ৰমেন বৰুৱা। কিন্তু নিশালৈকে ঘৰলৈ উভটি অহা নাই সংগীত পৰিচালকগৰাকী।

বৰুৱাৰ সন্ধান নাপাই ইতিমধ্যে লতাশিল আৰক্ষীৰ কাষ চাপিছে শিল্পীগৰাকীৰ পৰিয়ালৰ লোক। পৰিয়ালৰ লোকে জনোৱা মতে দিনটো বৰুৱাৰ ম’বাইল বন্ধ হৈ আছে।