NORTHEAST NOW (Assamese)

ঈদৰ দিনাই নুনমাটিত সংঘটিত হ’ল হিংসাত্মক কাৰ্য : চোকা অস্ত্ৰৰে আঘাত যুৱকক

April 22, 2023 7:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 22, 2023 5:57 pm

ঈদআলফিতৰ উৎসৱৰ মাজতে গুৱাহাটীৰ নুনমাটিত এজন যুৱকে আন এজন যুৱকক চোকা অস্ত্ৰৰে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে। ফলত এই ঘটনাই অধিক হিংসাত্মক ৰূপ লয়।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।

জানিব পৰা মতে আহত যুৱকজনৰ নাম ৰাজেন মুছাহাৰী। আনহাতে আক্ৰমণকাৰী তথা অভিযুক্ত যুৱকজন হৈছে জুগেশ্বৰ মেধি। জুগেশ্বৰক ইতিমধ্যে নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইফালে, আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হৈছে।

ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

স্মৰ্তব্য যে যোৱা মাহত কৰিমগঞ্জত ব্যক্তিগত বিবাদক লৈ এগৰাকী ১৮ বছৰীয়া কিশোৰীক চোকা অস্ত্ৰেৰে হত্যা কৰিছিল এগৰাকী যুৱকে। কালিগঞ্জৰ দলগ্ৰাম গাঁৱত সংঘটিত হৈছিল এই ঘটনা।

মুনোৱাৰা বেগম নামৰ মৃত কিশোৰী গৰাকী আছিল কালিগঞ্জ ৰাজহুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী ।

Related News