NORTHEAST NOW (Assamese)

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm · এন ই নাও নিউজ, গুৱাহাটী

নয়ডাৰ ছেক্টৰ ৪৯ ৰ এখন শ্ব‘ৰুমৰ বাহিৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় যেতিয়া এগৰাকী মহিলা আৰু তেওঁৰ স্বামীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। জানিব পৰা মতে, মহিলাগৰাকীয়ে নিজৰ প্ৰেমিকৰ সৈতে শ্ব’ৰুমটোলৈ বজাৰ কৰিবলৈ গৈছিল। ঠিক সেই সময়তে তেওঁৰ স্বামীও তাত উপস্থিত হয়গৈ। প্ৰথমে দুয়োৰে মাজত তৰ্ক-বিতৰ্ক আৰম্ভ হয় আৰু কিছু সময়ৰ পাছতেই সেয়া ভয়ংকৰ মাৰপিটলৈ পৰিণত হয়। শ্ব’ৰুমৰ বাহিৰত হোৱা এই কাজিয়া দেখি আশে-পাশে থকা লোকসকল ৰৈ যায় আৰু নিমিষতে তাত প্ৰায় ৩০০ মানুহৰ ভিৰ গোট খায়।

প্ৰত্যক্ষদৰ্শীৰ মতে, পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছিল যে মাৰপিটৰ ফলত মহিলাগৰাকী আঘাতপ্ৰাপ্ত হৈছিল। ঘটনাৰ সময়ত তাত উপস্থিত থকা লোকসকলে দুয়োকে আঁতৰাই পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰে। কোৱা হৈছে যে মহিলাগৰাকীয়ে সহায় বিচাৰি চিঞৰিছিল আৰু তাৰ পিছত বহু লোক তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে। পৰিস্থিতি যাতে অধিক বেয়া নহয়, তাৰ বাবে ৰাইজে বুজাই-মেলি দুয়োপক্ষক পৃথক কৰে। ইফালে, মানুহৰ ইমান ভিৰ দেখি মহিলাগৰাকীৰ প্ৰেমিকজন সুযোগ বুজি তাৰ পৰা পলাই যায়।

স্থানীয় লোকসকলৰ মতে, মহিলাগৰাকীয়ে নিজৰ প্ৰেমিকৰ সৈতে বজাৰ কৰিবলৈ আহিছিল আৰু প্ৰেমিকৰ পৰা প্ৰায় ১৮ হাজাৰ টকাৰ সামগ্ৰী ক্ৰয় কৰিছিল। ঠিক তেনে সময়তে স্বামী তাত উপস্থিত হয়। জানিব পৰা মতে, স্বামীয়ে আগৰে পৰাই দুয়োকে সন্দেহ কৰিছিল আৰু দিল্লীৰ পৰা তেওঁলোকৰ পিছে পিছে আহি নয়ডা পাইছিলহি। এই কাজিয়া আৰু মাৰপিটৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি স্বামী আৰু পত্নী দুয়োকে সোধাপোছাৰ বাবে থানালৈ লৈ যায়। এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত মানুহৰ ভিৰ আৰু হুলস্থূলীয়া পৰিৱেশ স্পষ্টকৈ দেখা গৈছে।

ইফালে, গুৰুগ্ৰামতো স্বামী-পত্নীৰ সম্পৰ্কৰ লগত জড়িত আন এক অতি দুখজনক ঘটনা পোহৰলৈ আহিছে। তাত এজন লোকে নিজৰ পত্নীয়ে আন পুৰুষৰ লগত কথা পতা বুলি সন্দেহ কৰিছিল। এই কথাটোক লৈয়ে দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল। দুয়ো এটা ব্যক্তিগত কোম্পানীত দিন হাজিৰা কৰিছিল আৰু প্ৰতিদিনেই কিবা নহয় কিবা কথাত তৰ্ক হৈছিল। কিন্তু এইবাৰ পৰিস্থিতি ইমানেই বেয়া হ’ল যে এটা পৰিয়াল সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল।

আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ নিশা স্বামী ঘৰলৈ আহি দেখে যে পত্নীয়ে কাৰোবাৰ লগত ফোনত কথা পাতি আছে। তেওঁ সন্দেহ কৰে যে পত্নীয়ে আন কোনোবা পুৰুষৰ লগত কথা পাতিছে। ইয়াৰ পিছত তেওঁ পত্নীৰ পৰা ম’বাইলটো বিচাৰে, কিন্তু পত্নীয়ে ফোনটো দিবলৈ অমান্তি হয়। ইয়াৰ পৰাই দুয়োৰে মাজত তৰ্ক আৰম্ভ হয় আৰু খঙৰ ভমকত স্বামীয়ে পত্নীক আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত মহিলাগৰাকীৰ মৃত্যু হয়। আৰক্ষীয়ে অভিযুক্ত স্বামীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিছে।

Related News