অসম-নগালেণ্ড সীমান্ত উৰিয়ামঘাটত প্ৰতিবাদ: ‘হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, অতুল বৰাৰ কাম নাই’ ধ্বনিৰে উত্তাল পৰিস্থিতি
অসম-নগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ উৰিয়ামঘাট অঞ্চলত জীৱনৰ নিৰাপত্তা বিচাৰি সীমান্তবাসী খিলঞ্জীয়াই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে। মঙলবাৰে উৰিয়ামঘাট সীমান্তত আয়োজন কৰা এক বিশাল গণ হুংকাৰ কাৰ্যসূচীত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গোলাঘাটৰ মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে নগাৰ আগ্ৰাসনত নিৰাপত্তাহীনতাত ভোগা খিলঞ্জীয়াক সুৰক্ষা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
উৰিয়ামঘাটৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে ‘হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, অতুল বৰাৰ কাম নাই’ ধ্বনি দি আকাশ-বতাহ কঁপাই তোলে। তেওঁলোকৰ মূল দাবী আৰু অভিযোগসমূহ আছিল।
বিভিন্ন দল-সংগঠনৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই বিশাল গণ হুংকাৰ কাৰ্যসূচীত স্থানীয় ৰাইজে তেওঁলোকৰ সমস্যাটোক ‘জীৱন মৰণৰ সমস্যা’ বুলি অভিহিত কৰে। তেওঁলোকে সীমা সুৰক্ষাৰ বাবে আত্মবলিদান দিবলৈও কুণ্ঠাবোধ নকৰাৰ হুংকাৰ দিয়ে।
উচ্ছেদৰ পাছৰে পৰা নগা আগ্ৰাসনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো ৰাজ্য চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ নোলোৱাৰ বাবে সীমান্তবাসী খিলঞ্জীয়া লোকে প্ৰাণৰ শংকাত ভুগিছে। প্ৰতিবাদকাৰীসকলে দাবী কৰিছে যে, যি চৰকাৰে বাৰে বাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়, সেই চৰকাৰেই সীমান্তৰ লোকসকলক সুৰক্ষা দিয়াত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে।