NORTHEAST NOW (Assamese)

গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

May 28, 2023 12:19 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 28, 2023 12:22 pm
প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

গুজৰাট ব’ৰ্ড অৱ ছেকেণ্ডাৰী এণ্ড হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনে গুজৰাট ব’ৰ্ডৰ ২০২৩ বৰ্ষৰ এছএছচি দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিছে। মুঠতে ৬৪.৬২ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে যদিও ১৫৭খন বিদ্যালয়ৰ পৰা অৱতীৰ্ণ সকলো শিক্ষাৰ্থীয়ে ফেইল কৰিছে।

ৰাজ্যখনৰ জিলাসমূহৰ ভিতৰত চুৰাট শীৰ্ষত আছে। তাত উত্তীৰ্ণ হৈছে ৭৬ শতাংশ ছাত্ৰ-ছাত্ৰী। সৰ্বনিম্ন হৈছে দহোদ। তাত উত্তীৰ্ণ হৈছে মাত্ৰ ৪০.৭৫ শতাংশ ছাত্ৰ-ছাত্ৰী। ফলাফল প্ৰকাশ পোৱাৰ পিছত মোডীৰ হেঁপাহৰ গুজৰাটৰ শিক্ষাৰ হাৰক লৈ প্ৰশ্ন উত্থাপন হৈছে?

লগতে পঢ়ক: নতুন সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে; প্ৰতিষ্ঠা হ’ল ছেংগল

প্ৰশ্ন উত্থাপন হৈছে যে এশ পঞ্চাশখনতকৈ অধিক বিদ্যালয়ত এজন শিক্ষাৰ্থীয়েও কিয় উত্তীৰ্ণ হ’ব নোৱাৰিলে? সচেতন মহলে ইয়াৰ উত্তৰ বিচাৰিছে।

পৰীক্ষাৰ মুঠ ফলাফললৈ চালে দেখা যায় যে মাত্ৰ ৬ হাজাৰ ১১১ গৰাকী শিক্ষাৰ্থীয়েহে এ-১ গ্ৰেড পাইছে। ৪৪ হাজাৰ ৪৮০ জন শিক্ষাৰ্থীয়ে  লাভ কৰিছে এ-২। বাকী ১ লাখ ২৭ হাজাৰ ৬৫২ জনে বি-২ গ্ৰেড পাইছে।

সেইদৰে, গুজৰাটী ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে ৯৬ হাজাৰ পৰীক্ষাৰ্থীয়ে। ইপিনে, ১ লাখ ৯৬ হাজাৰ ছাত্ৰ-ছাত্ৰী অংকত ব্যৰ্থ হয়। ২৭২খন বিদ্যালয়ত সকলোৱে উত্তীৰ্ণ হোৱাৰ বিপৰীতে ১৮৪খন বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ মাত্ৰ ৩০ শতাংশ।

লগতে পঢ়ক:  নতুন সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে; প্ৰতিষ্ঠা হ’ল ছেংগল

কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল ১৫৭খন বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ শূন্য শতাংশ। যিয়ে গুজৰাটৰ শিক্ষাৰ অৱস্থাক লৈ নতুনকৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। যোৱা বছৰ গুজৰাটৰ ৭০০খন বিদ্যালয়ত শিক্ষকৰ অভাৱ হোৱা বুলি খবৰ ওলাইছিল। প্ৰশ্ন হৈছে, শিক্ষকৰ অভাৱ নে আন আন্তঃগাঁথনিৰ অভাৱ, কি কাৰণত ডেৰ-দুই দশক ধৰি বিজেপিৰ শাসনৰ অধীনত থকা এই ৰাজ্যখনত শিক্ষাৰ এনে অৱনতি ঘটিছে?

Related News