NORTHEAST NOW (Assamese)

২০২২ৰ প্ৰথমটো দিনৰ পৰাই জনতাৰ ওপৰত পৰিব এইকেইটা মাধমাৰ,কি কি?

December 3, 2021 4:55 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

২০২২ৰ প্ৰথমটো দিনৰ পৰাই জনতাৰ ওপৰত মাধমাৰ শোধাব চৰকাৰে।

মূল্যবৃদ্ধিত জুৰুলা হৈ থকাৰ মাজতে আন এক সমস্যাৰ সন্মুখীন হ’ব সৰ্বসাধাৰণ। কিয়নো ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত হ’ব অধিক খৰচী।

যদি নিৰ্ধাৰিত পৰিমাণতকৈ যদি অধিক ধন উলিয়াই তেন্তে ভৰিব লগা হ’ব ২১ টকা চাৰ্জ। এটিএমৰ নিৰ্ধাৰিত সীমাতকৈ অধিক বাৰ ধন উলিওৱালে চাৰ্জ লগাব পাৰে বেংকে।

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নিৰ্দেশনা মতে এক্সিছ বেংক বা আন বেংকৰ এটিএমত বিনামূলীয়া সীমাতকৈ ওপৰৰ বিত্তীয় লেনদেন কৰিলে দিব লাগিব ২১ টকা আৰু জিএছটি।

১ জানুৱাৰী ২০২২ৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম।

বিনামূলীয়া লেনদেন মাহিলী সীমাতকৈ যদি অধিক হয় তেন্তে প্ৰতিবাৰ লেনদেনত ২০ টকাৰ সলনি ২১ টকা দিব লাগিব অহা মাহৰ পৰা।

অৰ্থাৎ গ্ৰাহকে নিজৰ বেংক এটিএমৰ জৰিয়তে প্ৰতি মাহত ৫ বাৰ বিনামূলীয়া লেনদেন কৰিব পাৰিব। যদিহে তাতোকৈ অধিকবাৰ লেনদেন কৰে তেন্তে ভৰিব লাগিব চাৰ্জ।

এক জানুৱাৰীৰ পৰা বৃদ্ধি পাব মাৰুতী গাড়ীৰ মূল্য। কাপোৰ, জোতা, চেণ্ডেলত GST বাঢ়িব ১২ শতাংশলৈ।ইতিমধ্যে এয়াৰটেল, ভোদাফোন, জিঅ’ৰ ৰিছাৰ্জৰ মূল্য ২০ পৰা ২৫ শতাংশ মূল্যবৃদ্ধি কৰা হৈছেই।

নিজৰ বেংক এটিএমৰ জৰিয়তে প্ৰতি মাহত ৫টা বিনামূলীয়া লেনদেন কৰিব পাৰিব আপুনি।
মেট্ৰ’ চিটীত আন বেংকৰ এটিএমৰ পৰা তিনিবাৰ আৰু আন স্থানৰ কেন্দ্ৰত পাঁচবাৰ কৰিব পাৰিব বিনামূলীয়া লেনদেন।

Related News