NORTHEAST NOW (Assamese)

১ অক্টোবৰৰ পৰা পেট্ৰ’ল পাম্প সমূহত গ্ৰাহকৰ বাবে বন্ধ হৈ পৰিব এই বিশেষ সুবিধা

September 26, 2019 11:13 am · এন ই নাও নিউজ
Updated: September 26, 2019 7:24 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

পেট্ৰ’ল পাম্পত ইন্ধন ক্ৰয় কৰাৰ সময়ত প্ৰায়ে গ্ৰাহকসকলে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা দেখা যায়।

ক্ৰেডিট কাৰ্ডত উপলব্ধ হোৱা কেছবেককে ধৰি বিভিন্ন সুবিধাৰ বাবে গ্ৰাহক সকলে পেট্ৰ’ল বা ডিজেল ক্ৰয় কৰাৰ সময়তো ইয়াৰ ব্যৱহাৰ কৰি আহিছে।

কিন্তু দুৰ্ভাগ্যজনকভাৱে ১ অক্টোবৰৰ পৰা গ্ৰাহকসকলে পেট্ৰ’ল অথবা ডিজেল ক্ৰয় কৰাৰ সময়ত কেছবেকৰ সুবিধা লাভৰ পৰা বঞ্চিত হ’ব লগীয়া হ’ব।

দেশৰ সকলোতকৈ বৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকে ইয়াৰ ক্ৰেডিট কাৰ্ড গ্ৰাহকসকললৈ এটা এছ এম এছ প্ৰেৰণ কৰিছে। বেংকৰ ফালৰ পৰা পঠোৱা এছ এম এছটোত ১ অক্টোবৰৰ পৰা পেট্ৰ’ল পাম্পত ইন্ধন ক্ৰয় কৰাৰ সময়ত লাভ কৰা ০.৭৫ শতাংশ ৰেহাই বন্ধ কৰি দিয়া হৈছে বুলি জনোৱা হয়।

পেট্ৰ’লিয়ামজাত কোম্পানী সমূহৰ উপদেশ অনুসৰিয়ে ভাৰতীয় ষ্টেট বেংকে এনে সিদ্ধান্ত লয় যাৰ ফলত গ্ৰাহকসকলে ৩ বছৰ ধৰি লাভ কৰি অহা এই সুবিধা বন্ধ হৈ পৰিব।

উল্লেখযোগ্য যে, ২০১৬ চনত কেন্দ্ৰ চৰকাৰে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণৰ পাছত পেট্ৰ’লিয়ামজাত কোম্পানী সমূহক পেট্ৰ’ল আৰু ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেডিট কাৰ্ড ব্যৱহাৰীসকলক ০.৭৫ শতাংশ ৰেহাই দিয়াৰ বাবে নিৰ্দেশ দিছিল।

Related News