NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ মাজমজিয়াৰ মেঘদূত ভৱনত সংঘটিত চুৰিকাণ্ডক লৈ চাঞ্চল্য

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী January 29, 2022 1:16 pm
Meghdoot Bhawan

নিশা মহানগৰীৰ মাজমজিয়াৰ মেঘদূত ভৱনত সংঘটিত হোৱা চুৰিকাণ্ডক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

নিশা কাম কাম চলি থকাৰ পাছতো পাঁচ মহলালৈকে উঠি চোৰে চাফাই অভিযান চলায় ৷ নিৰাপত্তাৰক্ষীৰ কটকটীয়া ব্যৱস্থা থকাৰ পাছতো কেনেকৈ এনে চুৰিকাণ্ড সংঘটিত হ’বলৈ তাক লৈয়ো প্ৰশ্ন উঠিছে।

ঘটনাস্থলীত পানবজাৰ আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

লগতে পঢ়ক: ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

বাহিৰত ছিকিউৰিটি আৰু ভিতৰত ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰীয়ে কাম কৰি থকাৰ পাছতো সংঘটিত হয় এই চুৰিকাণ্ড ৷

চোৰে দেৱাল বগাই চুৰিকাণ্ড সংঘটিত কৰা সন্দেহ কৰা হৈছে ৷

জানিব পৰা মতে, এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধপোছৰ বাবে ইতিমধ্যে দহজন লোকক আটক কৰিছে।