NORTHEAST NOW (Assamese)

১ এপ্ৰিলৰ দেশত আৰম্ভ হ’ব কোভিডৰ তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া

March 31, 2021 8:10 pm · এন ই নাও নিউজ
Updated: March 31, 2021 8:11 pm

১ এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা  দেশত আৰম্ভ কৰা হ’ব কোভিডৰ তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া।

চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা দেশত আৰম্ভ হৈছিল কোভিডৰ প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদানৰ কাম।প্ৰথম পৰ্যায়ত স্বাস্ত্য কৰ্মী আৰু কোভিড যোদ্ধাসকলক ভেকচিন প্ৰদান কৰা হৈছিল।

দ্বিতীয় পৰ্যায়ত ৬০ বছৰৰ ওপৰৰ আৰু আন গুৰুতৰ ৰোগ থকা ৪৫ বছৰৰ ওপৰৰ লোকসকলক ভেকচিন দিয়া হৈছিল।তৃতীয় পৰ্যায়ত ৪৫ বছৰৰ ওপৰৰ যিকোনো লোকেই ভেকচিন গ্ৰহণ কৰিব পাৰিব।

কাইলৈ বিয়লি তিনি বজাৰ পৰা কোভিডৰ তৃতীয় পৰ্যায়ৰ  ভেকচিন প্ৰদানৰ বাবে অনলাইন যোগে পঞ্জীয়ন আৰম্ভ কৰা হ’ব। নাম পঞ্জীয়ন কৰিব পৰা যাব cowin.gov.in ৱেৱচাইটৰ জৰিয়তে।

ইয়াৰ বাবে www.cowin.gov.in ৱেৱচাইটলৈ গৈ কোভিড ভেকচিন গ্ৰহণ কৰিব বিচৰাসকলে নিজৰ নাম পঞ্জীয়ন কৰোৱাব পাৰিব।

উল্লেখ্য কোভিডৰ ভেকচিন এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহতো উপলব্ধ হ’ব ।

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ভেকচিন গ্ৰহণ কৰিবলৈ যোৱা লোকৰ পৰা ইচ্ছামতে ল’ব নোৱাৰিব ধন। কেন্দ্ৰীয় চৰকাৰে কোভিডৰ ভেকচিন যাতে সকলোৱে বহন যোগ্য দামত গ্ৰহণ কৰিব পাৰে সেই বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে একোটা কোভিডৰ ভেকচিনৰ মূল্য নিৰ্দ্ধাৰণ কৰি দিছে ২৫০ টকাকৈ।

কোনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে কোভিডৰ ভেকচিনৰ নামত ২৫০ টকাতকৈ অধিক ধন ল’ব নোৱাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে।

চৰকাৰী চিকিৎসালয়ত এই ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ গ্ৰহণ কৰিব পৰা যাব।উল্লেখ্য দেশত চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা কোভিড যোদ্ধা, স্বাস্থ্যকৰ্মী আৰু নিৰাপত্তা বাহিনীৰ লোকসকলক কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছিল।

১৬ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সমগ্ৰ দেশতে কোভিচৰ প্ৰথম পৰ্যায়ৰ ভেকচিন  প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভনি ঘটোৱাৰ লগে লগে দেশৰ ৩০০৬ টা কেন্দ্ৰত আৰম্ভ হৈছিল ভেকচিন প্ৰদানৰ কাম।

প্ৰাথমিক ভাবে একোটা কেন্দ্ৰত সৰ্বাধিক ১০০ জন লোকক ভেকচিন প্ৰদান কৰা হৈছিল।

সেই মৰ্মে যিসকল লোক এলাৰ্জীৰ প্ৰতি অত্যধিক স্পৰ্শকাতৰ তেনে লোকক পৰাপক্ষত ভেকচিন  গ্ৰহণ নকৰিবলৈ স্বাস্থ্য দপ্তৰে পৰামৰ্শ আগবঢ়াইছিল।

একেদৰে গৰ্ভৱতী মহিলা আৰু শিশুক দু্গ্ধ পান কৰোৱা মহিলাই ভেকচিন গ্ৰহণ নকৰাটো উচিৎ হ’ব বুলি স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰিছিল।

ভেকচিনে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলায় নেকি সেই বিষয়ত এতিয়াও গৱেষণা চলি আছে।

উল্লেখ্য অলপতে অক্সফ’ৰ্ডৰ আষ্ট্ৰাজেনেকাৰ কোভিডশ্বীল্ড আৰু ভাৰত বায়’টেকৰ কোভাক্সিন নামৰ কোভিড ভেকচিন দুটা ভাৰতত জৰুৰী টীকাকৰণৰ চূড়ান্ত অনুমতি লাভ কৰিছিল।

Related News