NORTHEAST NOW (Assamese)

শিৱসাগৰৰ মেধাৱী ছাত্ৰী লিজা বুঢ়াগোহাঁইক সহায়ৰ আহ্বান

July 5, 2020 4:47 pm · পাৰ্শ্বজ্যোতি গগৈ
তাঁতশালত লিজা।

শিৱসাগৰ পাণবেচাৰ ধুপাবৰীয়া গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী। নাম লিজা বুঢ়াগোহাঁই।

শিৱসাগৰ বাণমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগৰ লগতে অসমীয়া, শিক্ষা বিষয়ত লেটাৰ নম্বৰসহ উৰ্ত্তীণ হৈছে।

কিন্তু আৰ্থিক দীনতাৰ বাবে মেধাৱী লিজা যেন ক’ৰবাত থমকি ৰ’ব লগা হৈছে।

অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা লিজাই উচ্চ শিক্ষাৰ বাবে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰে।

লিজাৰ আছে উচ্চাকাংক্ষা এগৰাকী সফল মানুহ হোৱাৰ লগতে প্ৰশাসনিক বিষয়া হোৱাৰ।

সেয়ে লিজাৰ পিতৃৰ আহ্বান মাননীয় মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীলৈ তেওঁলোকে লিজাৰ পঢ়া-শুনাৰ দায়িত্ব ল’লে পিতৃয়ে অকণমান সকাহ পাব। লগতে লিজাৰ ভৱিষ্যত উজ্জ্বল হ’ব।

যদি কোনো সদাশয় ব্যক্তিয়ে লিজাক সহায় কৰিব বিচাৰে তেন্তে ইউ বি আই বেংকত ধন আগবঢ়াব পাৰে।

ইউ বি আই বেংকৰ একাউণ্ট নম্বৰ হৈছে: 002010370479, IFSC UTBI0SIB317

Related News