NORTHEAST NOW (Assamese)

আলুৰ লগত এনেদৰে ৰান্ধি খাওঁক মুৰ্গীৰ মাংস, মাংস খাই স্বৰ্গসুখ লাভ কৰিব আপুনি

April 30, 2023 8:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 30, 2023 7:34 pm

মাংস যেনেদৰেই নাৰান্ধক কিয়, অসমীয়া মানুহে আলু নিদিয়াকৈ কেতিয়াও মাংস নাৰান্ধে। মাংসৰ জোলত আলুৰ সোৱাদেই বেলেগ। সেয়ে আজি আপোনালোকলৈ লৈ আনিছোঁ আলুৰে মুৰ্গীৰ মাংস ৰন্ধাৰ এটা বিশেষ ৰেচিপি। এইদৰে মাংস ৰান্ধি খালে স্বৰ্গসুখ লাভ কৰিব পাৰিব আপুনি।

এজন অসমীয়া মানুহৰ দিনটো আলু অবিহনে আৰম্ভই নহয়। পোৰা আলুৰ পিটিকা আৰু পঁইতা ভাতৰ জুতিয়েই বেলেগ। সিজোৱা আলু আৰু ঘিউৰ লগত গৰম চাউল অমৃতৰ দৰে। মাছৰ জোলত আলু, কণীৰ জোলত আলু। মুঠতে পাকঘৰৰ সকলো ৰেচিপিত আলুৰ অবাধ বিচৰণ। আচলতে আলুৰ গুৰুত্বক শব্দৰে বুজাব পৰা নাযায়।

আলুৰ লগত মাংসৰ জোল ৰান্ধিব সকলোৱে জানে। কিন্তু আমি আজি যিটো ৰেচিপি দিম সেই ৰেচিপিটোৰে মাংস ৰন্ধাৰ ৰাৰ বিশেষ কেইটামান কিটিপ আছে, যি কেইটা প্ৰয়োগ কৰিলে সকলোৱে টপালি টপালি খাব মাংসৰ জোল।

প্ৰথমে প্ৰয়োজন অনুসাৰে ডাঙৰ আকাৰৰ আলু দুটুকুৰাকৈ কাটি লওক। মাংসখিনি খুব ভালকৈ ধুব। এতিয়া কেৰাহীত সৰিয়হৰ তেল দি তাত আলুৰ টুকুৰাবোৰ নিমখ আৰু হালধী দি ভাজিব। আলুখিনি ভজা হ’লে নমাই  থ’ব।

এতিয়া মাংসৰ টুকুৰাবোৰ সুদাকৈ তেলত লাহে লাহে ভাজি লওক। ৰঙা বাদামী হ’লে নমাই আনক।

এতিয়া দৈ, জলকীয়া গুড়ি, ধনীয়া গুড়ি, গৰম মছলা, সোৱাদ অনুসৰি নিমখ আৰু কেঁচাজলকীয়া দি ভাজি লোৱা কুকুৰাৰ মাংসখিনি মেৰিনেট কৰক।

এতিয়া তেল গৰম কৰি তেজপাত, ডালচেনি, ইলাচি, এচামুচ গোটা জিৰা আৰু মিহিকৈ কটা পিঁয়াজ দি ভাজি লওক।  এতিয়া তাত ক্ৰমে আদা নহৰু বঁটা আৰু সৰু সৰুকৈ কটা বিলাহীৰ টুকুৰা দি দিয়ক। তাৰপিছত তাত মেৰিনেট কৰা মাংসখিনি ভালকৈ ভাজি লওক। মাংসখিনি অলপ সিজিলে তাত ভাজি লোৱা আলুখিনি দি দিয়ক।

এতিয়া পৰ্যাপ্ত পানী দি তৰকাৰীখন উতলাই লওক। পানী উতলিলে তাত ধনীয়া পাত ছটিয়াই দিব।

এনেদৰেই সাজু হৈ উঠিব আপুনি ৰন্ধা মাংসখিনি। ইয়াৰ পিছত গৰম ভাতৰ লগত টপালি টপালি খাওঁক।

Related News