NORTHEAST NOW (Assamese)

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

June 19, 2025 12:49 pm · এন ই নাও নিউজ, গুৱাহাটী

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত বিমান অভিযানত যথেষ্ট সাৱধানতা অৱলম্বন কৰা হৈছে। বৃহস্পতিবাৰে হায়দৰাবাদ-তিৰুপতি স্পাইচজেট কিউ৪০০ বিমানখন উৰণৰ স্থানলৈ পুনৰ উভতি আহিবলগীয়া হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, কাৰিকৰী সমস্যাৰ বাবে এই বিমানখন গন্তব্যস্থানলৈ উভতি যাবলগীয়া হয়। এই বিমানখন হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৰাওনা হৈছিল।

হায়দৰাবাদ-তিৰুপতি বিমান অৱতৰণ সন্দৰ্ভত প্ৰকাশ পাইছে স্পাইচজেটৰ এক বিবৃতি। যত তেওঁ কয় যে ১৯ জুনত হায়দৰাবাদ-তিৰুপতি বিমান চলাচল কৰা স্পাইচজেট কিউ৪০০ বিমানৰ উৰণৰ পিছত এ এফ টিৰ বেগেজ দুৱাৰৰ লাইটটো মাজে মাজে জ্বলা-নুমা হৈ আছিল। সেইবাবে নিৰাপত্তাৰ কথা আগত ৰাখি পাইলটে হায়দৰাবাদলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়।

পাছত বিমানখন নিৰাপদে অৱতৰণ কৰাৰ লগতে যাত্ৰীসকলক স্বাভাৱিকভাৱে ডিপ্লেন কৰা হয়। তেওঁলোকে কয় যে, বিমানখনে জৰুৰীকালীন অৱতৰণ কৰা নাছিল। তেওঁ আৰু কয় যে তিৰুপতিলৈ আগলৈ যাত্ৰা চলাবলৈ বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে।

Related News