NORTHEAST NOW (Assamese)
Popular Stories

এইগৰাকী আছিল ছুপাৰষ্টাৰ আমিৰ খানৰ প্ৰথমা পত্নী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 17, 2020 11:05 am
81d8126723e524b55735f92bc089d2f5

কেইবাখনো হিট ছবিৰে বলিউদত এক সুকীয়া স্থান দখল কৰা ছুপাৰষ্টাৰ আমিৰ খানৰ ব্যক্তিগত জীৱনৰ এটা গুৰুত্বপূৰ্ণ কথা আজি আমি আপোনালোকক জনাম।

আপোনালোকে সকলোৱে জানে আমিৰ খানৰ বৰ্তমানৰ পত্নীৰ নাম কিৰন ৰাও। কিন্তু কিৰন ৰাও তেওঁৰ প্ৰথম পত্নী নহয়।

আমিৰ খানে মাত্ৰ ২১ বছৰ বয়সতে ১৯ বছৰীয়া ৰীনা দত্তৰ সৈতে বিবাশপাশত আৱদ্ধ হৈছিল। এই বিয়া চিনেমাৰ কাহিনী সদৃশ আছিল। তেওঁ কেইবা মাহ ধৰি তেওঁলোকৰ বিয়াৰ কথা পৰিয়ালৰ লোকক জনোৱা নাছিল।

d3a80580e74bcbdff02bb7bd57759560

উল্লেখ্য যে ‘কায়ামত ছে কায়ামত তক’ নামৰ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়তে আমিৰ খানে বিয়া কৰাইছিল ৰীনা দত্তক। দুয়োৰে মাজত এবছৰ ধৰি প্ৰেমৰ সম্বন্ধ আছিল আৰু আমিৰৰ বয়স ২১ হোৱাৰ লগে লগে দুয়ো বিবাশপাশত আৱদ্ধ হয়।

পৰিয়ালৰ লোকক অন্ধকাৰত ৰাখি বিবাশপাশত আৱদ্ধ হোৱা কথাটো ৰীনা দত্তৰ পৰিয়ালৰ লোকে সহজভাৱে মানি ল’ব পৰা নাছিল যদিও আমিৰ খানৰ পিতৃ তাহিৰ হুছেইনে পিছত সম্বন্ধটো মানি লয়।

আমিৰ আৰু ৰীনাৰ মাজৰ সম্বন্ধ মাত্ৰ ১৬ বছৰলৈ চলিল। সুন্দৰভাৱে চলি থকা সম্বন্ধত কেৰোণ লগাত ২০০২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ দুটা সন্তান আছিল। পুত্ৰৰ নাম জুনেইদ আৰু কন্যাৰ নাম ইৰা।

বৰ্তমান জুনেইদ আৰু ইৰা মাতৃ ৰীনাৰ লগত থাকে।

4b2b0b40c817edd1eb57aa1ae664fa67