NORTHEAST NOW (Assamese)

‘প্ৰতিবাদত অংশগ্ৰহণ কৰাসকল কৃষক নহয়, তেওঁলোক খালিস্তানী’ – বিজেপি সাংসদ

February 24, 2024 4:58 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

নতুন দিল্লীৰ ওচৰত প্ৰতিবাদ কৰা সকল কৃষক নহয়, আটাইকেইজন খালিস্তানী। শনিবাৰে বেংগালুৰুত এই মন্তব্য কৰে কাৰৱাৰ বিজেপিৰ সাংসদ অনন্তকুমাৰ হেগডে। 

উল্লেখ্য যে কিছুদিন পূৰ্বে সন্দেশখালিত এজন আই পি এছ বিষয়াক ‘খালিস্তানী’ বুলি সম্বোধন কৰাৰ বাবে আলোড়নৰ সৃষ্টি হৈছিল। এইবাৰো একেই কথা শুনা গ’ল আন এজন বিজেপি সাংসদৰ মুখৰ পৰা।

বিজেপিৰ সাংসদ হেগদে কয়, ‘এওঁলোকে এটা ডাঙৰ উদ্দেশ্য লৈ আহিছে। খেতিয়কৰ হাতত কেতিয়াবা ইমান টকা থাকে? তাত প্ৰতিবাদ কৰাসকল কৃষক নহয়। কেতিয়াও কৃষকৰ প্ৰতিবাদ নহয়। এয়া জাতিদ্ৰোহীৰ প্ৰতিবাদ, খালিস্তানী প্ৰতিবাদ – যাক কৃষক প্ৰতিবাদ বুলি অভিহিত কৰা হৈছে। তেওঁলোকৰ বাবে বহিঃৰাজ্যৰ পৰা ধন প্ৰেৰণ কৰা হৈছে।”

বিজেপিৰ সাংসদগৰাকীয়ে লগতে কয় যে যিসকল কৃষকে বৈষম্য আৰু অন্যায়ৰ অভিযোগ উত্থাপন কৰিছে – তেওঁলোকে দামী গাড়ী আৰু নতুন ট্ৰেক্টৰ লৈ আহে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা সিদ্দাৰমৈয়াক আক্ৰমণ কৰি বিজেপিৰ সাংসদ হেগডে কয় যে কেন্দ্ৰৰ ধন কাৰো পিতৃৰ সম্পত্তি নহয় যিটো তেওঁলোকে যেতিয়াই ইচ্ছা তেতিয়াই পাব পাৰে। 

তেওঁ আৰু কয়, ‘সুসম্পৰ্ক বজাই ৰাখি যদি সংশ্লিষ্ট মন্ত্ৰীসকলৰ জৰিয়তে উপযুক্ত প্ৰস্তাৱ প্ৰেৰণ কৰা হয়, তেন্তে ৰাজ্যৰ বাবদ ধনকে ধৰি সকলো কথা আলোচনাৰ জৰিয়তে সঠিকভাৱে নিষ্পত্তি কৰিব পৰা যাব। কিন্তু মুখ্যমন্ত্রী সিদ্দাৰমাইয়াই এনেদৰে সমস্যা সমাধান কৰিব নিবিচাৰে।”

তেওঁ আৰু কয়, ‘মই মোৰ ৰাজনৈতিক জীৱনত বহু চৰকাৰ আৰু মুখ্যমন্ত্ৰী দেখিছো। কিন্তু এতিয়ালৈকে এনে কোনো চৰকাৰ দেখা নাই।”

Related News