NORTHEAST NOW (Assamese)

লখিমপুৰত চিচি-টেকেলীফুটা মথাউৰিলৈ ভাবুকি, ৰাইজে ধৰিছে মেৰামতিত

July 12, 2020 6:38 pm · ফাৰহানা আহমেদ
বাওঁফালে ৰাইজে চিচি-টেকেলীফুটাত মেৰামতিত ধৰাৰ ছবি। সোঁফালে বালি-মদাৰগুৰিত ভাগি যোৱা ছাইদ বান্ধ।

নেৰানেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়ি অহা জলস্তৰে লখিমপুৰ জিলাৰ চিচি-টেকেলীফুটা মথাউৰিৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

যোৱা ২৪ ঘণ্টাত জিলাখনৰ বান পৰিস্থিতি ভয়ংকৰ হৈয়ে আছে।

১৯৯৮ চনত মথাউৰিটোৰ ভগাৰ ফলত ব্যাপক ক্ষয়ক্ষতি হৈছিল। ঢকুৱাখনা আৰু মাজুলীৰ সুৰক্ষাৰ বাবে মথাউৰিটোৰ মাতমৰা আৰু খেৰকুটাৰ মাজত পাঁচ কি. মি. এলেকা ১৬ কোটি টকা ব্যয়েৰে জিঅ’ বেগেৰে মেৰামতি কৰা হৈছিল।

কিন্তু ব্ৰহ্মপুত্ৰৰ বাঢ়ি অহা পানীয়ে মথাউৰিটোত ফাঁট সৃষ্টি কৰা বাবে ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে।

চিচিমুখ আৰু জোৰকটা গাওঁ পঞ্চায়তৰ ৰাইজ আগবাঢ়ি আহি মথাউৰিটোৰ বাঘভেটা আৰু কৰ্মীপথাৰ অঞ্চলত কিছু মেৰামতিৰ কাম কৰিছে।

ঢকুৱাখনা জল সম্পদ বিভাগে যোৱা মাহত বালি-মদাৰগুৰিত নিৰ্মাণ কৰা চেক বান্ধটোত খহনীয়াৰ সৃষ্টি হোৱাৰ ফলতে চিচি-টেকেলীফুটা মথাউৰিলৈ ভাবুকিৰ সৃষ্টি হৈছে।

একেটা মথাউৰিতে বগৰীগুৰি-চৰণচুক-মাতমৰা অঞ্চলত নৈৰ পানী বিৰিঙি সোমোৱাত অঞ্চলটোৰ গাওঁবাসীয়ে যোৱা শনিবাৰৰ পৰা মেৰামতিৰ কামত লাগি আছে।

নেৰানেপেৰা বৰষুণৰ লগতে নীপক’ই অৰুণাচল প্ৰদেশৰ য়াজালিত থকা প্ৰকল্পৰ পানী এৰি দিয়াত যোৱা ২৪ ঘণ্টাত লখিমপুৰ জিলাত বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে।

চলিত বানত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে নাওবৈচা ৰাজহ চক্ৰ। পাঞ্চৈ, গাভৰু, শিঙৰা আৰু বোকানদীৰ পানীয়ে চক্ৰটোৰ ৩০খন গাওঁ আৰু কৃষিভূমি বুৰাই পেলাইছে।

উত্তৰ লখিমপুৰ ৰাজহ চক্ৰত ছখন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। চক্ৰটোৰ আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত অঞ্চলটো হৈছে পশ্চিম তেলাহী গাওঁ পঞ্চায়ত অঞ্চল।

চলিত বানত নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ১৩খন গাওঁ ক্ষতিগ্ৰস্ত হৈছে। পিচলা, দোৰ্পাং আৰু চেচা নৈৰ পানীয়ে বিস্তৰ কৃষিভূমি বুৰাই পেলাইছে।

আনহাতে কদম ৰাজহ চক্ৰত বগীনদী আৰু কাকৈৰ পানীয়ে ১২খন গাওঁ বুৰাই পেলাইছে।

জল সম্পদ বিভাগে জনোৱা মতে ব্ৰহ্মপুত্ৰ, সোৱণশিৰি আৰু ডিক্ৰং জিলাখনৰ বিভিন্ন স্থানত বিপদসীমাৰ ওপৰেৰে বৈ আছে।

চলিত বানত জিলাখনৰ ৮৭৪.৫ হেক্তৰ কৃষিভূমি আৰু ৩২,৬৪৭গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে।

Related News