NORTHEAST NOW (Assamese)

মৰিগাঁৱত এক লাখ টকাৰ উৎকোচ দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ উপ-পৰিদৰ্শকসহ তিনি আৰক্ষী

August 11, 2023 1:04 pm · এন ই নাও নিউজ, গুৱাহাটী

মৰিগাঁৱত ভিজিলেন্স এণ্ড এণ্টি-কৰাপচনৰ বিষয়াসকলে এক অভিযান চলাই উৎকোচৰ অভিযোগত তিনিজন অসম আৰক্ষীৰ লোকক গ্ৰেপ্তাৰ কৰে।

সূত্ৰ অনুসৰি অভিযুক্ত আৰক্ষীৰ লোককেইজন মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাত নিয়োজিত হৈছিল।

অভিযুক্তকেইজনৰ ভিতৰত আছে লাহৰীঘাট থানাৰ এজন উপ-পৰিদৰ্শক (এছ আই) আৰু দুজন কনিষ্টবল।

লগতে পঢ়ক: মহানগৰীৰ খানাপাৰাত ৰহস্যজনক অৱস্থাত শিক্ষকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

তেওঁলোকক ক্ৰমে আৰক্ষী উপ-পৰিদৰ্শক মুকুন্দ্ৰ উপাধ্যায়, কনিষ্টবল মিজানুল হক আৰু হীৰক জ্যোতি ডেকা বুলি চিনাক্ত কৰা হৈছে।

উপ-পৰিদৰ্শক মুকুন্দ্ৰ উপাধ্যায়ে এটা গোচৰ নিষ্পত্তিৰ বাবে ১ লাখ টকা দাবী কৰাৰ অভিযোগৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

যিজন ব্যক্তিক ধন বিচৰা হৈছিল, তেওঁ ধন দিবলৈ অনিচ্ছুক হৈ দুৰ্নীতি বিৰোধী শাখাৰ কাষ চাপিছিল।

অভিযোগৰ ভিত্তিত জাল পেলাই ২০ হাজাৰ টকা গ্ৰহণ কৰি থকাৰ সময়তে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

উপ-পৰিদৰ্শজনে এই ধন দাবী কৰিছিল যদিও কনিষ্টবল দুজনো গোচৰটোৰ অংশ হোৱাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়ক: নাবালিকা কন্যাক বলপূৰ্বকভাৱে পতিতাবৃত্তিত জড়িত কৰাৰ অপৰাধত গোলাঘাটত গ্ৰেপ্তাৰ মহিলা

তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে এক টুইটযোগে লিখিছে, “আজি @DIR_VAC_ASSAM-এ লাহৰীঘাট আৰক্ষী থানাৰ কনিষ্টবল মিজানুল হকক উপ-পৰিদৰ্শক মুকুন্দ্ৰ উপাধ্যায়ৰ সৈতে ষড়যন্ত্ৰ কৰি এটা গোচৰত জামিন দিয়াৰ নামত উৎকোচ হিচাপে ২০ হাজাৰ টকা লোৱাৰ অপৰাধত হাতেলোটে কৰায়ত্ত কৰে।‘’

Related News