NORTHEAST NOW (Assamese)

ছয়গাঁৱত নৈত গা ধুবলৈ গৈ তিনি ছাত্ৰীৰ সলিল সমাধি

April 22, 2019 7:37 pm · এন ই নাও নিউজ
Updated: April 22, 2019 7:38 pm
প্ৰতিনিধিত্বমূলক ছবি

কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱত আজি নৈত গা ধুবলৈ গৈ তিনি গৰাকীকৈ ছাত্ৰীৰ সলিল সমাধি ঘটে। নিহত ছাত্ৰী কেইগৰাকীক প্ৰীতি কলিতা, মৌচুমী কলিতা আৰু ৰিংকি কলিতা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে ছয়গাঁৱৰ কুকুৰমাৰাৰ মাজেৰে বৈ যোৱা কলহী নৈত আজি দিনৰ ভাগত গা ধুবলৈ গৈ উক্ত ছাত্ৰী কেইগৰাকী নিখুজ হৈ পৰিছিল। স্থানীয় ৰাইজে সন্ধানহীন ছাত্ৰী কেইগৰাকীক বিচাৰি বহু সময় ধৰি অভিযান চলায়।

পিছত ঘটনাৰ খবৰ পাই অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত নদীৰ পৰা ছাত্ৰী কেইগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

নৈত গা ধুবলৈ গৈ তিনি গৰাকীকৈ ছাত্ৰীৰ সলিল সমাধি ঘটা উক্ত ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related News