NORTHEAST NOW (Assamese)

মৰিয়নীত পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনিজনৰ মৃত্যু

February 14, 2022 3:19 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৰহাট জিলাৰ মৰিয়নীত আজি সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন MUV ৰ সৈতে স্কুটাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত একেটা পৰিয়ালৰ তিনিজন লোক নিহত হয়।

মৃতসকলৰ ভিতৰত এজন লোকক সুৰেশ তাঁতি বুলি চিনাক্ত কৰা হৈছে। আনহাতে আন দুজন মৃতকৰ নাম এতিয়াও নিশ্চিত হোৱা নাই।

স্থানীয় লোকসকলৰ মতে, মৃত লোক তিনজন একেখন স্কুটাৰতে উঠি আহিছিল আৰু এখন দ্ৰুতবেগী MUV-ৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল।

দুৰ্ঘটনা সংঘটিত কৰা MUV বাহনখন নাগালেণ্ডৰ মোককচাঙ অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে।

MUV খনৰ সৈতে খুন্দা মৰাৰ পিছতে স্কুটাৰখনত থকা ব্যক্তি কেইজন এটা খাদত বাগৰি পৰে আৰু ঘটনাস্থলীতে মৃত্যু বৰণ কৰে।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে গাড়ীখনৰ চালকজন পলাই যায়। এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে বাহন সমূহক অঞ্চলটোত দ্ৰুত গতিত গাড়ী চলোৱা প্ৰতিহত কৰিবলৈ সতৰ্ক কৰি দিছে।

ইতিমধ্যে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

Related News