NORTHEAST NOW (Assamese)

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ : ছত্তীশগড়ত সেনাৰ গুলীত নিহত ৩ মাওবাদী

February 26, 2024 8:28 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে ৩ টাকৈ দুধৰ্ষ মাওবাদী। দেওবাৰে ছত্তীশগড়ৰ কাংকেৰ জিলাত সংঘটিত হয় এই ঘটনা। 

জিলাখনৰ জংঘল লাগোয়া অঞ্চলত যৌথ বাহিনীয়ে মাওবাদী দমন অভিযান আৰম্ভ কৰে। সীমান্ত সুৰক্ষা বাহিনী আৰু জিলা সংৰক্ষিত ৰক্ষী বাহিনীয়ে এই অভিযান আৰম্ভ কৰে। জিলাখনৰ কোৱালিবেৰা আৰক্ষী থানাই যেতিয়া অঞ্চলটোত অভিযান চলাই আছিল তেতিয়া মাওবাদীয়ে নিৰাপত্তাৰক্ষীলৈ গুলীচালনা কৰে। সেনাৰ প্ৰত্যুত্বৰত তিনিজন মাওবাদীৰ মৃত্যু হয়।

সূত্ৰই জনোৱা মতে, ছত্তীশগড় জিলাৰ ভোমৰা, হুৰটাৰাই আৰু মিচেবেৰা গাঁৱত মাওবাদীৰ দলে আত্মগোপন কৰি আছিল। সেই খবৰৰ ভিত্তিত দেওবাৰে পুৱাৰে পৰা যৌথ বাহিনীয়ে অভিযান আৰম্ভ কৰে। তেতিয়াই মাওবাদীকেইটা তাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল। সেই সময়তে সেনা বাহিনীৰ লগত মাওবাদীৰ বন্দুকৰ যুদ্ধ আৰম্ভ হৈছিল। সেই যুঁজত তিনিজন মাওবাদীয়ে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ উপৰিও সেনাই মাওবাদীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে।

শেহতীয়াকৈ সমাপ্ত হোৱা বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা মাওবাদীৰ আক্ৰমণৰ ফলত ছত্তীশগড়ৰ বনাঞ্চল অশান্ত হৈ পৰিছে। মাত্ৰ যোৱা সপ্তাহত মাওবাদীয়ে চুকমাৰ এখন গাঁৱত দুজন গাঁৱৰ লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।  আৰক্ষীৰ তথ্যদাতাৰ সন্দেহত হত্যা কৰা হৈছিল দুয়োকে।

Related News