NORTHEAST NOW (Assamese)

ছিপাঝাৰ নাৰিকলিত নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে তিনিজন সদস্যক; অব্যাহত আছে তদন্ত

September 12, 2025 10:36 am · এন ই নাও নিউজ, গুৱাহাটী

দৰং জিলাৰ ছিপাঝাৰৰ অন্তৰ্গত নাৰিকলিত এটা পৰিয়ালৰ তিনিজন সদস্যক ৰহস্যজনক পৰিস্থিতিত নিজৰ ঘৰতে মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি  চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিহত কেইজন হৈছে দীপক নাথ (৫২), পত্নী প্ৰতিমা নাথ (৪২), আৰু তেওঁলোকৰ ১২ বছৰীয়া পুত্ৰ ধৃতিৰাজ নাথ। প্ৰাথমিকভাৱে দুৰ্বৃত্তই তেওঁলোকক নৃশংসভাৱে হত্যা কৰাৰ অনুমান কৰা হৈছে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, লাট মণ্ডল হিচাপে কৰ্মৰত দীপক নাথ এজন সন্মানীয় আৰু সামাজিকভাৱে সক্ৰিয় ব্যক্তি হিচাপে সমাজত পৰিচিত আছিল। পুত্ৰ ধৃতিৰাজ সপ্তম শ্ৰেণীৰ ছাত্ৰ।

ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্তৰ বাবে গৈ ঘটনাস্থলীত উপস্থিত হয়। বিষয়াসকলে এই শোকাৱহ ঘটনাৰ ৰহস্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

একেটা পৰিয়ালৰে ৩ সদস্যৰ ৰহস্যজনক মৃত্যুৰ আঁৰত ধন-সম্পত্তি নে আন কিবা কাৰণ আছে সেয়া আৰক্ষীয়ে অনুসন্ধান কৰি আছে। এতিয়ালৈকে দীপক নাথৰ ম’বাইল ফোনটো উদ্ধাৰ হোৱা নাই।

এই ঘটনাই গভীৰভাৱে স্তম্ভিত কৰি তুলিছে গাঁওবাসীক। মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পৰিয়ালটোৰ বাসগৃহৰ বাহিৰত স্থানীয় লোক সমবেত হৈ এনে মৰ্মান্তিক ঘটনাৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে এনে অবিশ্বসনীয় পৰিস্থিতিৰ বাবে আশ্চৰ্য প্ৰকাশ কৰে।

Related News