NORTHEAST NOW (Assamese)

জঘণ্য কাণ্ড! পত্নীৰ হাত ধৰি চেপি ধৰিছিল স্বামীয়ে, দলবদ্ধ ধৰ্ষণ কৰিলে দুই বন্ধুৱে!

December 23, 2023 11:52 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

স্বামীৰ সহযোগতে পত্নীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ বন্ধুৰ বিৰুদ্ধে। আৰক্ষীৰ সূত্ৰ অনুসৰি স্বামীয়ে ফুৰাবলৈ নিয়াৰ অজুহাতত পত্নীক ঘৰৰ পৰা উলিয়াই আনিছিল। অভিযোগ অনুসৰি তেওঁ পত্নীক নিৰ্জন স্থানলৈ লৈ গৈছিল আৰু প্ৰথমে তেওঁক কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছত স্বামীৰ দুই বন্ধুৱে গৃহিণীগৰাকীক ধৰ্ষণ কৰে।

শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ ইষ্ট ঘাটকোপাৰত। ঘটনাৰ কেইদিনমান পিছতে ২৩ বছৰীয়া নিৰ্য়াতিতা মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে তেওঁৰ স্বামীয়ে তেওঁক ফুৰাবলৈ নিয়াৰ অজুহাতত নিৰ্জন স্থানলৈ লৈ গৈছিল। তাতে স্বামীয়ে তেওঁৰ কাপোৰ খুলি ফটো তুলিবলৈ ধৰিলে। তেওঁ আপত্তি কৰিলে। কিন্তু স্বামীয়ে তেওঁৰ কথা শুনা নাছিল বুলি অভিযোগ কৰে।

লগতে পঢ়কঃ ৩০৩ জন ভাৰতীয়ক লৈ ফ্ৰান্সত অৱতৰণ বিমান, ঘেৰি ধৰিলে আৰক্ষীয়ে; গ্ৰেপ্তাৰ ২ জন, চলিছে তদন্ত

ইয়াৰ পিছত স্বামীয়ে পত্নীক এখন স্কুলৰ পিছফালে লৈ যায়। ইতিমধ্যে স্বামীৰ দুই বন্ধু তাত আছিল। তেওঁলোকে তাতে মদ খাই আছিল। ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক অভিযোগ কৰা মতে, তেওঁৰ স্বামীয়ে তেওঁক বন্ধু দুজনৰ সন্মুখতে উলংগ কৰি দিছিল। ইয়াৰ পিছত যুৱতীগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে তেওঁৰ হাতত চেপি ধৰিছিল আৰু তেওঁৰ বন্ধুসকলে তেওঁক ধৰ্ষণ কৰিছিল।

মহিলাগৰাকীয়ে ঘৰলৈ উভতি অহাৰ পিছতে আত্মীয়ক এই বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰি তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়কঃ কৰ’না ৰিপ’ৰ্ট পজিটিভ আহিলেই পঠাব লাগিব জিন’ম ছিকুৱেন্সিঙৰ বাবে; ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ

ঘটনা সন্দৰ্ভত পণ্টনগৰ থানাৰ এজন আৰক্ষী বিষয়াই কয়, ‘আমি তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো। বেণ্ড পাৰ্টিত বাদ্য সংগত কৰে মহিলাৰ স্বামীয়ে । বৰ বেছি পঢ়াশুনা কৰা নাছিল। এতিয়া তেওঁৰ চাকৰি নাই। সেয়ে পত্নীক জোৰ কৰি বন্ধু দুজনৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰালে। দম্পতীহালৰ বিবাহৰ পাঁচ বছৰ হ’ল।”

Related News