NORTHEAST NOW (Assamese)

চেল্ফি উঠিবলৈ গৈ মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নদীৰ ঘাটত তিনি কিশোৰীৰ সলিল সমাধি

January 31, 2019 5:12 pm · মানস প্ৰতিম গগৈ
Updated: January 31, 2019 6:38 pm

মাৰ্ঘেৰিটাত আজি সংঘটিত এক মৰ্মান্তিক ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। পিকিনিক খাবলৈ গৈ মাৰ্ঘেৰিটা বৰগোলাই জামাদাৰ বস্তীৰ বুঢ়ীদিহিং নদীৰ ঘাটত সলিল সমাধি ঘটে তিনিগৰাকীকৈ কিশোৰীৰ।

ঘটনাৰ বিৱৰণী মতে আজি পুৱা বান্ধৱীৰ সৈতে বুঢ়ীদিহিং নদীৰ পাৰত পিকিনিক খাবলৈ গৈ নৈৰ বুকুত চেল্ফি উঠি থাকোতে হঠাৎ তিনিওগৰাকী বান্ধৱী অকস্মাৎ নদীৰ গভীৰ ডুবিত সোমাই পৰে। আৰু কৰণ মৃত্যুক আঁকোৱালি লয়।

মৃত তিনিওগৰাকী কিশোৰী ক্ৰমে নিডু শামুকজানৰ অচুক তামাঙৰ জীয়ৰী এলি তামাং(১৬), বৰগোলাইৰ ফুলেশ্বৰ চেতিয়াৰ জীয়ৰী সুজিতা চেতিয়া (১৫) আৰু কৃষ্ণ বাহাদুৰ সোনাৰৰ জীয়ৰী সিমাশ্ৰী সোনাৰ(১৫) বুলি জানিব পৰা গৈছে। মৃত তিনিওগৰাকী কিশোৰী বৰগোলাইৰ আদৰ্শ হিন্দী হাইস্কুলৰ ছাত্ৰী আছিল।

বাতৰি লিখা পৰলৈকে যুৱতী কেইগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মাৰ্ঘেৰিটা আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।

Related News