NORTHEAST NOW (Assamese)

নাগালেণ্ডত অসম ৰাইফলছৰ সফল অভিযান; শীৰ্ষস্থানীয় উগ্ৰপন্থী কেডাৰ নিহত

September 11, 2020 7:29 pm · এন ই নাও নিউজ

অসম ৰাইফলছৰ অভিযানকাৰী দলে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই বৃহস্পতিবাৰে নাগালেণ্ডৰ ঝুনহ’বটত এন এছ চি এন(কে)ৰ ন্যামলাঙ গোটৰ এগৰাকী শীৰ্ষস্থানীয় কেডাৰক নিহত কৰে।

মৃত্যু হোৱা কেডাৰ গৰাকী টভি ছুমী বুলি চিনাক্ত কৰা হয়।

বৃহস্পতিবাৰে পুৱতি নিশা ৩২ নং অসম ৰাইফলছৰ এটা অভিযানকাৰী দলে এন এছ চি এন(কে)ৰ ন্যামলাঙ গোটৰ অস্ত্ৰধাৰী এটা দলে ঝুনহ’বটত বাহৰ পতা বুলি খবৰ লাভ কৰে আৰু অভিযান আৰম্ভ কৰে।

উগ্ৰপন্থী দলটোৱে সেনাৰ দলটোক দেখা মাত্ৰকে গুলীয়াবলৈ ধৰে যদিও অসম ৰাইফলছে প্ৰত্যুত্তৰ দিয়াত এন এছ চি এন(কে)ৰ ন্যামলাঙ গোটৰ শীৰ্ষস্থানীয় কেডাৰ গৰাকীৰ মৃত্যু হয়।

সেনাৰ দলটোৱে আন দুগৰাকী উগ্ৰপন্থী সংগঠনটোৰ সদস্যকো ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ সহ আটক কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা অস্ত্ৰ সমূহৰ ভিতৰত এটা ৯ এম এম পিষ্টল আৰু ২৩ জাই সজীৱ গুলি।

বিগত মাহত এন এছ চি এনে(কে) অসম ৰাইফলছৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ পাছৰে পৰা অসম ৰাইফলছতে নাগা বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে অভিযান বৃদ্ধি কৰিছে।

Related News