তিব্বতী লোক নৃত্যৰে মুখৰিত হ’ল গুৱাহাটী গ্ৰন্থমেলাৰ থলী : ধ্বনিত হ’ল দালাই লামা জিন্দাবাদ
চুবুৰীয়া তিব্বতৰ বাৰে-ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানে আজি সন্ধিয়া মুখৰিত কৰে ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ প্ৰাঙ্গণ।
বিশেষকৈ তিব্বতী শিল্পীসকলৰ ‘শ্লো লায়ন ডাল’ আৰু ‘য়াক ডাল’-এ শ্ৰোতা-দৰ্শকক হৰ্ষোল্লাসিত কৰি ৰঙীন কৰে গুৱাহাটী গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধিয়া।
চীনে পদানত কৰি ৰখা তিব্বতৰ শিল্পীসকলে লোক-কৃষ্টিৰ প্রদর্শন কৰি শ্ৰোতা-দৰ্শকৰ মনত অনাবিল আনন্দ প্রদান কৰাৰ সমান্তৰালকৈ তিব্বতীসকলে সহি থকা পৰাধীনতাৰ ব্যথাও প্রতিফলিত কৰে।
তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে গুৱাহাটী গ্ৰন্থমেলাৰ পৰাই চীনে হৰণ কৰা স্বাধীনতা ঘূৰাই দিবলৈ দাবী জনায়।
ইয়াতে তেওঁলোকে দালাই লামা জিন্দাবাদ ধনি দি নিজৰ স্বাধীনতা আকাংক্ষাক শক্তিশালী ৰূপত প্রদর্শন কৰে।
সাংস্কৃতিক সন্ধিয়াত আদৰণী ভাষণ প্রদান কৰি অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই তিব্বতী শিল্পীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।
বিশিষ্ট লেখক-প্রাকৃতিক কৰ্মী সৌম্যৱীপ দত্তই আঁত ধৰা তিব্বতী শিল্পীৰ এই সাংস্কৃতিক সন্ধিয়াই কেৱল গুৱাহাটী গ্ৰন্থমেলা বুলিয়েই নহয় অসমতে এক ইতিহাস ৰচন| কৰা বুলি মন্তব্য কৰে গ্ৰন্থমেলাৰ প্ৰাঙ্গণত সমবেত হোৱা লোকসকলে।
তিব্বতী শিল্পীসকলে তেওঁলোকৰ স্বদেশৰ স্বাধীনতা আন্দোলনলৈ অসমৰ জনতাৰ সঁহাৰি কামনা কৰে।