NORTHEAST NOW (Assamese)

গুৱাহাটীৰ ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী ভাৰত-অ’মানৰ খেলৰ টিকট বিক্ৰীৰ বাবে মুকলি

August 27, 2019 10:54 am · এন ই নাও নিউজ
ফটো : টুইটাৰ

ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী খেলৰ আৰম্ভণি খেলখনত ভাৰতে অ’মানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব।

সোমবাৰে এই খেলখনৰ টিকট বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে।

ভাৰত আৰু অ’মানৰ মাজৰ ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী খেলখন অহা ৪ ছেপ্টেম্বৰত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

লগতে পঢ়ক ভাৰতে গুৱাহাটীৰ সৰুসজাইৰ পৰা আৰম্ভ কৰিব বিশ্বকাপ অভিযান!

ভাৰত-অ’মানৰ মাজৰ খেলখনৰ বাবে টিকটৰ মূল্য ক্ৰমে ৫০, ১০০ আৰু ২০০ টকা নিৰ্দ্ধাৰণ কৰা হৈছে।

ভাৰতীয় দলৰ বাবে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামখনে সুখদায়ক স্মৃতি বহন কৰি আছে।

ভাৰতীয় দলটোৱে এই ষ্টেডিয়ামখনতেই উপৰ্যুপৰি দুখনকৈ খেলত বিজয় সাৱ্যস্ত কৰাৰ অভিজ্ঞতা লাভ কৰিছিল।

২০১৫ বৰ্ষৰ মাৰ্চত ভাৰতে ইয়াতেই নেপালৰ বিৰুদ্ধে ২-০ ব্যৱধানত বিজয় সাৱ্যস্ত কৰাৰ পাছত ২০১৬ বৰ্ষৰ জুনত লাওচৰ বিৰুদ্ধে ৬-১ ব্যৱধানত বিজয়ী হৈছিল।

Related News