• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতে গুৱাহাটীৰ সৰুসজাইৰ পৰা আৰম্ভ কৰিব বিশ্বকাপ অভিযান!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 24, 2019 11:07 am

2 min read

ভাৰতে গুৱাহাটীৰ সৰুসজাইৰ পৰা আৰম্ভ কৰিব বিশ্বকাপ অভিযান!
5k
VIEWS
Share on FacebookShare on Twitter

২০২২ চনত কাটাৰত অনুষ্ঠিত হ’ব লগীয়া ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে ভাৰতীয় ফুটবল দলে অহা ৫ ছেপ্তেম্বৰত নিজৰ অভিযান আৰম্ভ কৰিব। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰাক বিশ্বকাপৰ এই অভিযান গুৱাহাটীৰ পৰাই আৰম্ভ কৰিব ভাৰতীয় দলে।

অহা ৫ ছেপ্তেম্বৰত ভাৰতে ওমানৰ বিৰুদ্ধে দ্বিতীয় ৰাউণ্ডৰ এছিয়ান কোৱালিফায়াৰৰ প্ৰথমখন মেচ খেলিব। মেচখন গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই যোগাত্মক ইংগিত আহিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ তৰফৰ পৰা।

উল্লেখ্য যে ভাৰতে বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে দ্বিতীয় ৰাউণ্ডত ঘৰৰ মাটিত চাৰিখন মেচ খেলিব। ইয়াৰ বাবে ইতিমধ্যে ফেডাৰেশ্যনে কলকাতা, আহমেদাবাদ আৰু গুৱাহাটীক স্থান হিচাপে নিৰ্ধাৰণ কৰিছে। সেই দিশৰ পৰা চাব গ’লে ইয়াৰে এখন খেল গুৱাহাটীত হোৱাৰ সম্ভাৱনা আছে।

অতি শীঘ্ৰে এছিয়ান ফুটবল কনফেডাৰেশ্যন (এ এফ চি)ৰ প্ৰতিনিধিয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰিব। আৰু ইয়াৰ পাছতেই খেল হোৱা নোহোৱাটো নিশ্চিত হৈ পৰিব। অৱশ্যে অনূৰ্ধ্ব ১৭ ফিফা বিশ্বকাপ অনুষ্ঠিত হোৱা আৰু ষ্টেডিয়ামৰ আন্তঃগাথনিৰ দিশৰ ফালৰ পৰা চালে ইয়াত খেল অনুষ্ঠিত হোৱাটো খাটাং।

এই সংক্ৰান্তত অসম ফুটবল সংস্থাৰ সম্পাদক হেমেন্দ্ৰ ব্ৰহ্মই নিউজ এজেন্সি পি টি আইৰ আগত কয়, ‘ফুটবল ফেডাৰেশ্যনৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে এই সন্দৰ্ভত বিবেচনা কৰি থকা হৈছে বুলি জনায়। ৫ ছেপ্তেম্বৰৰ মেচখন আমাৰ ইয়াত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে’।

ইফালে প্ৰাক বিশ্বকাপৰ মেচ গুৱাহাটীত অনুষ্ঠিত হ’ব বুলি প্ৰচাৰ হোৱাৰ পাছৰে পৰা ফুটবল প্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে বিশ্বকাপ কোৱালিফায়াৰত ভাৰতে ওমানৰ সৈতে বাংলাদেশ, আফগানিস্তান আৰু ফিফা বিশ্বকাপৰ আয়োজক দেশ কাটাৰৰ সৈতে স্থান লাভ কৰিছে। গ্ৰুপৰ প্ৰতিটো দলে প্ৰতিটো দলৰ বিপক্ষে ‘হোম’ আৰু ‘এৱে’ ভিত্তিত দুখনকৈ মেচ খেলিব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd