NORTHEAST NOW (Assamese)

কাজিৰঙাৰ বানপানীত ভাগৰুৱা বনৰজা; বিছনাতে বাগৰি কৰিলে ৰাজকীয় আৰাম

July 18, 2019 7:37 pm · উত্তম শইকীয়া
Updated: July 18, 2019 7:44 pm
কাজিৰঙাৰ পৰা ওলাই অহা বাঘিনীটো

ভয়াবহ বানপানীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তল যোৱাৰ ফলত বনৰীয়া জীৱ-জন্তু সমূহে উদ্যানখনৰ পৰা আশ্ৰয়ৰ সন্ধানত বিভিন্ন ওখ ঠাইলৈ ওলাই আহিবলগীয়া হৈছে।

কলিয়াবৰ মহকুমাৰ হাৰমতিত আজি ৰাতিপুৱা কাজিৰঙাৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘিনীয়ে এঘৰ মানুহৰ শোৱনি কোঠাত আশ্ৰয় গ্ৰহণ কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি, ৰাতিপুৱা উদ্যানখনৰ পৰা ওলাই অহা বাঘিনীজনীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ উঠি যাবলৈ চেষ্টা কৰাৰ সময়তে বাধা পাই পথৰ কাষতে থকা এটা ঘৰত প্ৰৱেশ কৰে আৰু ভাগৰত বিছনাৰ ওপৰতে বহি পৰে।

বাঘটোৱে বাসগৃহত প্ৰৱেশ কৰাৰ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত হুৱা-দুৱা লাগে আৰু স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত কাজিৰঙাৰ বনকৰ্মী আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

আনহাতে, পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ বন্যপ্ৰাণী উদ্ধাৰকাৰী দলো তাত উপস্থিত হয়। জনসমাগম বৃদ্ধি হোৱাত বাঘিনীজনীয়ে ভয়তে কাষৰ বাঁহনিলৈ দৌৰ মাৰে।

লগতে পঢ়ক : কাজিৰঙাত মৰ্মান্তিক পৰিস্থিতি, বানত অদ্যপি প্ৰাণ হানি ৪টা গঁড়সহ ২৮টাকৈ জন্তুৰ

বন বিভাগৰ কৰ্মীসকলে বাঘিনীটোৰ অৱস্থিতি জানিবৰ বাবে দিনজোৰা অভিযান চলাই যদিও ব্যৰ্থ হয়। তেওঁলোকে অভিযানকালত দ্ৰোণ কেমেৰাৰো ব্যৱহাৰ কৰে।

লগতে পঢ়ক : কাজিৰঙাত পুনৰ গঁড়ৰ পোৱালি উদ্ধাৰ; এইপৰ্যন্ত ৫ টা গঁড়সহ মুঠ ৩৯টা বন্যপ্ৰাণীৰ মৃত্যু

বাঘিনীজনী বিছাৰি কৰা অভিযানৰ বাবে প্ৰায় এঘণ্টাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হয়।

Related News