• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাজিৰঙাত পুনৰ গঁড়ৰ পোৱালি উদ্ধাৰ; এইপৰ্যন্ত ৫ টা গঁড়সহ মুঠ ৩৯টা বন্যপ্ৰাণীৰ মৃত্যু

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , July 17, 2019 4:31 pm

2 min read

450
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ বানপানীয়ে কাজিৰঙাৰ ৯০ শতাংশ বনাঞ্চল প্লাৱিত কৰাৰ পাছত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰীয়া জীৱ-জন্তু সমূহৰ অৱস্থা বিলৈয়ে নধৰা হৈছে।

কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ আজি পুৱা কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ পৰা উদ্ধাৰ কৰি অনা হয় বানে উটুৱাই অনা এটা মাতৃহাৰা গঁড়ৰ পোৱালি।

আজি উদ্ধাৰ হোৱা গঁডৰ পোৱালিটো

ইয়াৰ আগতেও বাগৰিৰ পৰা আৰু এটা গঁড়ৰ পোৱালি উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা হৈছিল। দুয়োটা পোৱালিকেই সম্প্ৰতি কেন্দ্ৰটোত পৰিচৰ্যা কৰি থকা হৈছে ৷ প্ৰচণ্ড চাপত থকা গঁড়ৰ পোৱালিকেইটা এতিয়াও সংকট মুক্ত নহয় বুলি জনাইছে কেন্দ্ৰটোৰ পশু চিকিৎসকে ৷

উল্লেখযোগ্য যে বানপানীত আজিলৈকে ৫ টা গঁড়ৰ মৃত্যু হৈছে। ইয়াৰে এজনী মাইকী গঁড় কাৰ্বি আংলঙৰ ইংলে পথাৰ এলেকাত পাহাৰৰ পৰা পৰি আৰু আন এটা গঁড় পোৱালি কহঁৰা বনাঞ্চলৰ হালধিবাৰীত মৃত্যু হৈছিল। বাকী কেইটা গঁড়ৰ মৃতদেহ বাগৰি আৰু অগৰাতলি বনাঞ্চলত পোৱা গৈছে।

ইতিমধ্যে লাহে লাহে কাজিৰঙাত পানী শুকাবলৈ ধৰাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা মৃত বন্যপ্ৰাণীৰ তথ্য আহি আছে। আজি পুৱালৈকে বানপানীৰ ফলত কাজিৰঙাত মুঠ ৩৯ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ইয়াৰে ১৬ টা পানীত ডুবি, ১১ টা ৰাষ্ট্ৰীয় পথত গাড়ীৰ খুন্দাত আৰু ৯ টা অনান্য কাৰণত মৃত্যু হোৱা বুলি বন বিভাগৰ তথ্যত প্ৰকাশ।

Recent News

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd