NORTHEAST NOW (Assamese)
নেপাল

নেপালৰ চৰকাৰী পৃষ্ঠপোষকতাত বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি

Posted by: মৈত্ৰেয়ী শৰ্মা September 24, 2018 7:15 pm
Sumatran tiger at Howletts Wild Animal Park

বাঘক অৱলুপ্তিৰ পৰা ৰক্ষা কৰাৰ বাবে নেপালে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ ফলতেই বিগত দশকটোত বাঘৰ সংখ্যা বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। ২৩ ছেপ্টেম্বৰৰ দিনা ৰাষ্ট্ৰীয় সংৰক্ষণ দিৱসৰ দিনা প্ৰকাশিত বাঘৰ শেহতীয়া পিয়ল অনুসৰি  দেশখনত ২৩৫টা বাঘ জীয়াই আছে।

২০০৯ চনত নেপালত ২১২টা বাঘ আছিল আৰু শেহতীয়া পিয়ল অনুসৰি বাঘৰ সংখ্যা দুগুণ হৈছে।  এই সাফল্য লাভ কৰাৰ ফলত নেপালে ২০২২ চনৰ ভিতৰত বাঘৰ সংখ্যা দুগুণ কৰাৰ আন্তৰ্জাতিক লক্ষ্যত উপনীত হৈছে।

নেপালৰ বন আৰু পৰিৱেশ মন্ত্ৰী শক্তি বসনিতে কৈছে, ‘‘বাঘৰ সামপ্ৰতিক সংখ্যা বৃদ্ধি দেশখনৰ বাবে এটা বিৰাট সাফল্য।  এইদৰে আগবাঢ়ি থাকিলে আমি ২০২২চনৰ ভিতৰত বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰাৰ আন্তৰ্জাতিক লক্ষ্যত সহজেই উপনীত হ’ব পাৰিম।

উল্লেখ্য যে ২০১০ চনৰ বাঘ সংৰক্ষণৰ ওপৰত ছেইণ্ট পিটাৰ্ছবাৰ্গ ঘোষণাপত্ৰ অনুসৰি বাঘৰ অধিক জনসংখ্যা থকা ১৩খন ৰাষ্ট্ৰই বিশ্বজনীন বাঘ উদ্ধাৰ পৰিকল্পনা (TX2)  যুগুত কৰিছিল। এই অনুসৰি, নেপালে দেশখনত ২০১০ চনত বাস কৰা বাঘৰ ২১২টা ভিত্তি জনসংখ্যাৰ পৰা ২০২২ চনত ২৫০ টা বা ততোধিক কৰাৰ লক্ষ্য বান্ধি লৈছিল।

অৱশ্যে ২০১৩ চনৰ বাঘৰ পিয়ল অনুসৰি দেশৰ ভিতৰতে অধিকতম ১২০টা বাঘ বাস কৰা চিতৱান ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান ৯৩টা বাঘ ৰৈছেগৈ।

উল্লেখ্য যে ২০১৭ৰ নৱেম্বৰত বাঘৰ পিয়ল আৰম্ভ কৰা হৈছিল। দেশখনৰ বাঘ বাস কৰা মণ্ডলত চিতৱান পৰ্ছা কমপ্লেক্স, বানকে-বাৰদিয়া কমপ্লেক্স আৰু শুক্লা-লালঝাৰি কমপ্লেক্স— এই তিনিটা ভাগত ভাগ কৰি বাঘৰ পিয়ল আৰম্ভ কৰা হৈছিল। প্ৰতিটো অংশৰে বাঘৰ সংখ্যা যোগ কৰি দেশখনৰ মুঠ বাঘৰ সংখ্যা উলিওৱা হৈছিল।

উল্লেখ্য যে বঘৰ চোৰাং চিকাৰ, বনৰীয়া বাঘৰ অবৈধ ব্যৱসায়ৰ উপৰিও বাঘৰ মাজত হোৱা যুঁজ-বাগৰ, প্ৰব্ৰজন, বানপানী আদি কাৰকে বাঘৰ জনসংখ্যাক নেতিবাচকভাৱে প্ৰভাৱিত কৰে।