NORTHEAST NOW (Assamese)

আমেৰিকাৰ হেঁচা: TikTokৰ চিইঅ’ কেভিন মেয়ৰে চাকৰিৰ পৰা কৰিলে পদত্যাগ

August 27, 2020 2:56 pm · এন ই নাও নিউজ
টিকটকৰ মুখ্য কাৰ্যবাহী কেভিন মেয়ৰ।

বিগত কেই সপ্তাহ ধৰি আমেৰিকাত নিষিদ্ধ হোৱাৰ চৰ্চা লাভ কৰি থকা টিকটকৰ মুখ্য কাৰ্যবাহী বিষয়া কেভিন মেয়ৰে চাকৰিৰ পৰা ইস্তাফা দিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে স্পষ্ট কৰি দিছিল যে কোম্পানীটোৱে ইয়াৰ ব্যৱসায় বিক্ৰী কৰক নহ’লে এপটো নিষিদ্ধ কৰা হ’ব।

মাত্ৰ চাৰিমাহ পূৰ্বে কেভিন মেয়ৰক টিকটকৰ চিইঅ’ পদত নিযুক্তি দিয়া হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ডিজনে’ৰ শীৰ্ষ কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

কেভিন মেয়ৰে কয় যে বিগত কেই সপ্তাহত ৰাজনৈতিক বাতাবৰণ বহুত সলনি হৈছে। মোৰ ওপৰত যি দায়িত্ব অৰ্পন কৰা হৈছিল তাৰে যিমানখিনি সালসলনি কৰিব পাৰি কৰা হৈছে।

টিকটিকৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে যে কোম্পানীটোৱে কেভিনৰ সিদ্ধান্তক সন্মান জনাইছে।

উল্লেখ্য যে বিগত কেইমাহমানৰ পৰা আমেৰিকাত একেৰাহে টিকটক এপ নিষিদ্ধ কৰাৰ পৰিৱেশ এটা গঢ়ি উঠিছিল।

ৰাষ্ট্ৰপতি ট্ৰাম্পে আনকি ৯০ দিনৰ ভিতৰত কোম্পানীটোৰ আমেৰিকাৰ ব্যৱসায় বিক্ৰী কৰাৰ বাবে হেঁচা দি সেয়া নহ’লে আমেৰিকাত কোম্পানীটো নিষিদ্ধ কৰাৰ ভাবুকি দিছিল।

ইয়াৰ মাজতে টিকটকে নিশ্চিত কৰিছিল যে কোম্পানীটোৱে ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশ প্ৰত্যাহ্বান জনাই আইনী গোচৰ তৰিব।

আনহাতে, টিকটকৰ আমেৰিকাৰ ব্যৱসায় ক্ৰয় কৰিবলৈ মাইক্ৰ’ছফটে টিকটিকৰ পেৰেন্ট কোম্পানী বাইটডান্সৰ সৈতে আলোচনাও কৰিছিল।

Related News