NORTHEAST NOW (Assamese)

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 18, 2025 6:49 pm

ইতিমধ্যে শাসকীয় মিত্ৰজোঁট এন ডি এয়ে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী  প্ৰক্ষেপ কৰিছে। দেওবাৰে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাই ঘোষণা কৰে যে চি পি ৰাধাকৃষ্ণন এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হব। বিৰোধী দল ভাৰত মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডি এম কে ৰাজ্যসভাৰ সাংসদ তিৰুচি শিৱাৰ নাম  চৰ্চা চলিছে। সূত্ৰসমূহে দাবী কৰিছে যে বিৰোধী মিত্ৰজোঁটে দক্ষিণৰ তামিলনাডু ৰাজ্যৰ এজন ৰাজনীতিবিদক ৰাধাকৃষ্ণনৰ বিৰোধী হিচাপে থিয় কৰাই প্ৰতিহত আক্ৰমণৰ চেষ্টা চলাইছে।

শেহতীয়াকৈ দক্ষিণ ভাৰতৰ ৰাজ্য মহাৰাষ্ট্ৰ আৰু বংগত আঞ্চলিক ভাষাৰ বিতৰ্কই চৰ্চালৈ আহিছে। দেশৰ বিৰোধী আৰু আঞ্চলিক দলসমূহে হিন্দী আগ্ৰাসনক লৈ সৰৱ হৈ পৰিছে। এনে পৰিস্থিতিত ভাৰত মিত্ৰজোঁটে চি পি ৰাধাকৃষ্ণনৰ দৰে আঞ্চলিক নেতাৰ বিৰুদ্ধে তিৰুচি শিৱাৰ দৰে এজন আঞ্চলিক নেতাক থিয় কৰাবলৈ চেষ্টা কৰিছে। মন কৰিবলগীয়া যে ডি এম কে পূর্বে কৈছিল- ‘এন ডি এয়ে এজন তামিল ব্যক্তিক প্রতিষ্ঠা কৰাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে তামিলনাডুৰ জনসাধাৰণৰ স্বার্থ ৰক্ষাৰ বাবে আগ্ৰহী৷ ৰাধাকৃষ্ণনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি ৰাজনৈতিক অপপ্ৰচাৰৰ সুবিধা লবলৈ চেষ্টা কৰিছে গেৰুৱা শিবিৰে।’ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ডি এম কেৰ ৰাজ্যসভাৰ সাংসদ তিৰুচি শিৱাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিছে নেকি?

উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে দেওবাৰে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সংসদীয় বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জে পি নাড্ডা, অমিত শ্বাহ, ৰাজনাথ সিংকে ধৰি অন্যান্য সাংসদ উপস্থিত থাকে। বৈঠকৰ অন্তত বিজেপিৰ সভাপতি নড্ডাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ নাম। তেওঁ কয়, “প্ৰাৰ্থী নিৰ্বাচনৰ বাবে দলৰ সকলো নেতৃত্বৰ সৈতে আলোচনা আৰু পৰামৰ্শ বিচৰা হৈছিল। তাৰ পিছত সকলোৰে সন্মতি সাপেক্ষে সিদ্ধান্ত লোৱা হৈছিল যে চি পি ৰাধাকৃষ্ণন উপ-ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এৰ প্ৰাৰ্থী হ’ব।”

মন কৰিবলগীয়া যে জগদীপ ধনখৰে ২১ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰি সমগ্ৰ দেশক আচৰিত কৰি তুলিছিল। ধনখৰৰ বিদায়ৰ পিছতে উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ দিন ৯ ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰা হয়। উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে কেইবাটাও নাম উত্থাপন হয়। যদিও বিজেপিয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে এইবাৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হব দলৰ কোনোবা, যি দল আৰু আৰএছএছৰ মতাদৰ্শৰ সৈতে শক্তিশালীভাৱে জড়িত।

Related News