NORTHEAST NOW (Assamese)

তিৱা নিৰ্বাচন : চাৰিপুনীয়া-চাবুকধৰা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে নিদ্ৰাহৰণ কৰিছে বিজেপি প্ৰাৰ্থীৰ

December 10, 2020 6:49 am · মুৰুলী বৰুৱা

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ দিন চমু চাপি অহাৰ লগে লগে চাবুকধৰা-চাৰিপুনীয়া সমষ্টিত প্ৰচাৰ তুংগত উঠিছে।

উল্লেখযোগ্য যে চাবুকধৰা, ভকতগাঁও, বৰচিলা আৰু মিকিৰভেটা এই চাৰিটা পঞ্চায়তৰে গঠিত ১৮ নং চাৰিপুনীয়া-চাবুকধৰা সমষ্টিত বিজেপিৰ পৰা মদন দেউৰী, কংগ্ৰেছৰ পৰা দুলাল দেউৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পণ্ডিত কুমাৰ বৰদলৈ মনোনয়ন দাখিল কৰাৰ পিচতেই নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

চাবুকধৰা, চাৰিপুনীয়া, ফলিয়ামাৰী, দেওৰা, নদলবৰি, চোৰাতবৰি, কহুৱাআটি, ভকতগাঁও, টাঙোনমৰা, ওৱাবৰিকে ধৰি বিভিন্ন অঞ্চলকে ধৰি ৮২৬০ জন ভোটাৰ থকা চাৰিপুনীয়া-চাবুকধৰা সমষ্টিটোত বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্ৰ তথা বিজেপি প্ৰাৰ্থী মদন দেউৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে।

কিন্তু বিগত সময়ছোৱাত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যহৈ থকা সময়ত বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰা ৰমাকান্ত দেউৰীৰ কেতবোৰ কামকাজৰ বাবে ৰাইজৰ ওচৰত আস্থা হেৰুৱাইছে।

ৰমাকান্ত দেউৰীৰ পুত্ৰ তথা বিজেপি প্ৰাৰ্থী মদন দেউৰীৰ নিদ্ৰাহৰণ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী পণ্ডিত কুমাৰ বৰদলৈয়ে।

Related News