NORTHEAST NOW (Assamese)
Popular Stories

তৃণমূল কংগ্ৰেছৰ অভিযোগ: পশ্চিম বংগত এছআইআৰ প্ৰক্ৰিয়াৰ বাবে ৪০ জন লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2025 5:19 pm

পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ (টিএমচি) এটা প্ৰতিনিধি দলে শুকুৰবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকে অভিযোগ কৰে যে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ সময়ত হোৱা মৃত্যুৰ বাবে মুখ্য নিৰ্বাচন আয়োগ দায়িত্বশীল।

প্ৰতিনিধি দলটোৱে SIR-ৰ সময়ত এই পৰ্যন্ত মৃত্যু হোৱা কমেও ৪০ জন লোকৰ তালিকা CEC-ক দাখিল কৰে। তেওঁলোকে দাবী কৰে যে এই সকলোবোৰ মৃত্যু তেওঁলোকৰ ৰাজ্যত SIR-ৰ কামৰ বোজাৰ বাবেই সংঘটিত হৈছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি টিএমচিৰ সাংসদ ডেৰেক অ’ব্ৰাইনে কয় যে, “আমি বৈঠক আৰম্ভ কৰোঁতেই মুখ্য নিৰ্বাচন আয়ুক্তৰ হাতত তেজ আছে বুলি কৈছিলো। আমি পাঁচটা প্ৰশ্ন উত্থাপন কৰিলোঁ। ইয়াৰ পিছত কল্যাণ বেনাৰ্জী, মহুৱা মইত্ৰ, আৰু মমতা বালা ঠাকুৰে প্ৰায় ৪০ মিনিটত সমগ্ৰ বিষয়টো অৱগত কৰে।”

অ’ব্ৰাইনে অভিযোগ কৰে, নিৰ্বাচন আয়ুক্তই ইয়াৰ পিছত এঘণ্টা ধৰি ননষ্টপ কথা ক’লে আৰু তেওঁলোকে উত্থাপন কৰা পাঁচটা প্ৰশ্নৰ এটাও উত্তৰ নিদিলে। তেওঁ লগতে কয় যে টিএমচি SIR-ৰ ধাৰণাটোৰ বিৰোধী নহয়, বৰঞ্চ ইয়াক যি “অপৰিকল্পিত পদ্ধতিৰে” চলাই থকা হৈছে, তাৰহে বিৰোধী।

টিএমচিৰ সাংসদ মহুৱা মইত্ৰাই কয় যে যেতিয়া প্ৰতিনিধি দলটোৱে মৃতকৰ তালিকা দাখিল কৰিছিল, তেতিয়া নিৰ্বাচন আয়ুক্ত আচৰিত হৈছিল আৰু এইবোৰক “কেৱল অভিযোগ” বুলি উৰুৱাই দিছিল।

মইত্ৰাই ক্ষোভ প্ৰকাশ কৰি কয় যে, “৪০ জনৰ ভিতৰত ১৮ জন বিএলঅ‘ (বুথ-লেভেল অফিচাৰ) আছিল, যাৰ মৃত্যু সম্পূৰ্ণৰূপে এছআইআৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত।”

আন এগৰাকী প্ৰতিনিধিয়ে অভিযোগ কৰে যে এই প্ৰক্ৰিয়াত বিহাৰৰ SIR-ৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে, কিন্তু বংগৰ ক্ষেত্ৰত হে আচল ছবিখন দেখিবলৈ পোৱা গৈছে।

প্ৰতিনিধি দলটোত লোকসভাৰ সদস্য ক্ৰমে শতাব্দী ৰায়, কল্যাণ বেনাৰ্জী, প্ৰতিমা মণ্ডল, সাজদা আহমেদ, আৰু মহুৱা মইত্ৰ। আৰু ৰাজ্যসভাৰ সদস্য ক্ৰমে ডেৰেক অ’ব্ৰাইন, ডোলা সেন, মমতা ঠাকুৰ, সাকেট গোখলে, আৰু প্ৰকাশ চিক বদৈক আদি আছিল।

উল্লেখ্য যে পশ্চিম বংগকে ধৰি বৰ্তমান দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰ প্ৰক্ৰিয়া চলি আছে। টিএমচিয়ে দাবী কৰিছে যে এছ আই আৰ আৰম্ভ হোৱাৰ পিছৰে পৰা বংগত ৪০ জন লোকৰ মৃত্যু হৈছে যদিও নিৰ্বাচনী বিষয়াসকলে এই মৃত্যু আৰু ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কৰ্মৰ অত্যধিক হেঁচাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাজনো বিএলঅ’ই আত্মহত্যা বা হাৰ্ট এটেকত মৃত্যু হোৱাৰ খবৰো পোহৰলৈ আহিছে।