NORTHEAST NOW (Assamese)

মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তদন্ত কৰাৰ দাবী সাংসদ আব্দুল খালেকৰ

December 5, 2020 9:24 pm · পুলেন্দ্ৰ দাস

বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজত বাকযুদ্ধই শালীনতা চেৰাই যোৱাৰ সময়তে কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ এক মন্তব্যই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।

সাংসদ খালেকে দাবী কৰিছে মন্ত্ৰী ড়ঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিবিএফ প্ৰধান হাগ্ৰামা মহিলাৰী দুৰ্নীতিৰ তদন্ত হ’ব লাগে।

কংগ্ৰেথী সাংসদ গৰাকীয়ে আনকি দুয়োজন ৰাজনৈতিক নেতাকে দুৰ্নীতিৰ কৰাৰ বাবে  জেইললৈ প্ৰেৰণ কৰিব লাগে বুলিও দাবী কৰিছে।

“মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তদন্ত কৰা উচিত৷ বিটিচিত যদি দুৰ্নীতি হৈছে তেন্তে হিমন্ত বিশ্ব শৰ্মাও দায়ী৷ হাগ্ৰামা মহিলাৰীক জেইলত পঠালে হিমন্ত বিশ্ব শৰ্মাকো পঠাব লাগিব জেলত” এই মন্তব্য বৰপেটাৰ সাংসদ আব্দুল খালেকৰ৷

শালবাৰী পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাই আহি বৰপেটাত আজি সন্ধিয়া সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায় বৰপেটাৰ সাংসদ গৰাকীয়ে৷

সাংসদ আব্দুল খালেকে কয় যে, বিত্ত বিভাগৰ অনুমোদন নাপালে বিটিচিত ধন লাভ নকৰে৷ বিটিচিত যদি সঁচাকৈ দুৰ্নীতি হৈছে তেন্তে হিমন্ত-হাগ্ৰামাই ভগাই লৈ দুৰ্নীতি কৰা বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে৷

যবিটিচিত নতুন চৰকাৰ গঠনত কংগ্ৰেছে বিশেষ ভূমিকা ল’ব বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে৷

Related News