NORTHEAST NOW (Assamese)

আজি এছিয়াডত অসম কন্যা প্ৰমীলা দৈমাৰীৰ খেল

August 23, 2018 9:38 am · এন ই নাও নিউজ
ফাইল ফটো

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খগ্ৰাবাৰী এলেকাৰ দাহলাহাবি নামৰ এখন ভিতৰুৱা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাৱান আৰ্চাৰ প্ৰমীলা দৈমাৰী( Pramila Daimary ) য়ে আজি আৰম্ভ কৰিব জাকাৰ্টা এছিয়ান গেইমছৰ অভিযান।

বিশ্বৰ ১৫ নম্বৰ ৰেংকিঙত থকা তথা একমাত্ৰ আৰ্চাৰ হিচাপে অসমৰ পৰা ভাৰতীয় দললৈ নিৰ্বাচিত হোৱা প্ৰমীলাই আজি দিনৰ ঠিক ১১.১০ মিনিটত এছিয়ান গেইমছৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ শাখাত বিশ্বৰ ২৫৪ ৰেংকত থকা মংগোলিয়ান খেলুৱৈ বিচিন্দি উৰানটুংগুলাগৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

উল্লেখ্য যে আজি অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক এছিয়ান গেইমছৰ মহিলাৰ ৰিকাৰ্ভ আৰ্চাৰী ইভেণ্টৰ ৰেংকিং ৰাউণ্ডত ভাৰতে সপ্তম স্থান লাভ কৰিছে। ভাৰতৰ দ্বিতীয় সৰ্বোত্তম আৰ্চাৰগৰাকী হৈছে প্ৰমিলা দৈমাৰী। তেওঁৰ সামগ্ৰিক স্ক’ৰ হৈছে ৬২২।

মন কৰিবলগীয়া যে ইতিমধ্যে আৰ্চাৰ প্ৰমীলাৰ বিজয় কামনা কৰি নিজ গাঁৱৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থনা সভাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে।

Related News