NORTHEAST NOW (Assamese)

বিলাহীৰ চমৎকাৰ গুণ কেৱল খোৱাতে নহয় মুখত ঘঁহিলেও পাব পাৰি উজ্জ্বল ছাল

March 1, 2026 6:45 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 28, 2026 8:30 pm

বিলাহী যে আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় সেই কথা আমি সকলোৱে জানো। বিশেষকৈ চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু বিলাহীৰ উপকাৰিতা কেৱল খোৱাৰ মাজতে সীমাবদ্ধ নহয়। ভিটামিন এ, বিটা-কেৰটিন আৰু শক্তিশালী এন্টিঅক্সিডেন্টেৰে ভৰপূৰ এই পাচলিবিধে ছালৰ যত্নৰ ক্ষেত্ৰতো এক আচৰিত ধৰণৰ ভূমিকা পালন কৰে। স্বাস্থ্য বিশেষজ্ঞ আৰু পুষ্টিবিদসকলৰ মতে সুস্থ আৰু উজ্জ্বল ছালৰ বাবে খাদ্য তালিকাত বিলাহী ৰখাৰ লগতে ইয়াক পোনপটীয়াকৈ ছালত ব্যৱহাৰ কৰিলেও আশাতীত সুফল পোৱা যায়। আপুনি যদি নিয়মিতভাৱে মুখত বিলাহী ঘঁহিবলৈ লয় তেন্তে ছালৰ বহু পুৰণি সমস্যাৰ পৰা অতি সহজে পৰিত্ৰাণ পাব পাৰে।

ছালৰ সুৰক্ষাৰ ক্ষেত্ৰত বিলাহীয়ে বিভিন্ন ধৰণে কাম কৰে। বিলাহীত থকা বিটা-কেৰটিন আৰু কেৰটিনয়ডৰ দৰে উপাদানে সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ পৰা আমাৰ ছালখনক ৰক্ষা কৰাত সহায় কৰে। আনহাতে যিসকল লোকে শুকান ছালৰ সমস্যাত ভুগি আছে তেওঁলোকৰ বাবেও বিলাহী এক মহৌষধৰ দৰে। ইয়াত থকা পটাছিয়ামে ছালৰ গভীৰলৈ গৈ আৰ্দ্ৰতা ধৰি ৰাখে আৰু ছালৰ খহটা ভাব সম্পূৰ্ণৰূপে নাইকিয়া কৰে। কেৱল শুকান ছালৰ বাবেই নহয় তেলীয়া ছালৰ বাবেও বিলাহী সমানেই কাৰ্যকৰী। ই ছালত অত্যাধিক পৰিমাণে উৎপন্ন হোৱা তেল বা চেবাম নিয়ন্ত্ৰণ কৰে আৰু মুখখন সতেজ কৰি ৰাখে। তদুপৰি বিলাহীত প্ৰচুৰ পৰিমাণে থকা ভিটামিন চিয়ে ছালৰ স্বাভাৱিক উজ্জ্বলতা বৃদ্ধি কৰাত বিশেষ সহায় কৰে।

আপুনি ঘৰতে অতি সহজে বিলাহীৰ ফেচ পেক তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে। ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে এটা বিলাহী অলপ পানীত দি কোমল হোৱালৈকে ভাপত দি লওক। তাৰ পিছত সেইখিনি ভালদৰে পিহি লৈ তাৰ লগত আধাফাল নেমুৰ ৰস মিহলাই এটা ডাঠ মিশ্ৰণ প্ৰস্তুত কৰক। এই মিশ্ৰণটো মুখত প্ৰায় ১৫ মিনিট সময় লগাই থৈ তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলালে ছালৰ জিলিকনি বৃদ্ধি পায়। যদি আপোনাৰ ছালখন অতিপাত শুকান তেন্তে বিলাহীৰ পেষ্টৰ লগত মৌ আৰু অলপ দৈ মিহলাই ল’ব পাৰে। এই পেকটো ২০ মিনিটমান মুখত লগাই থৈ ধুই পেলালে ই ছালৰ মৃত কোষবোৰ আঁতৰাই ছালখন নৰম আৰু সজীৱ কৰি তোলে।

পেকৰ উপৰিও বিলাহীৰ ৰস ছালৰ বাবে এটা উন্নত মানৰ টোনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে আধা কাপ বিলাহীৰ ৰসৰ লগত আধা কাপ গোলাপ জল আৰু এটা ভিটামিন ই কেপচুলৰ তেল মিহলাই লওক। এই মিশ্ৰণটো এটা বটলত ভৰাই আপুনি ফ্ৰীজত সংৰক্ষণ কৰি ৰাখিব পাৰে আৰু প্রয়োজন অনুসৰি মুখত স্প্ৰে’ কৰিব পাৰে। নিয়মিতভাৱে এনেদৰে বিলাহীৰ ব্যৱহাৰ কৰিলে আপোনাৰ ছালখন পৰিষ্কাৰ হোৱাৰ লগতে ছালৰ উজ্জ্বলতাও দীৰ্ঘদিনলৈ অটুট থাকিব।

Related News