NORTHEAST NOW (Assamese)
অসম

বোকাখাতত জীপাল সংগঠনৰ নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল

Posted by: উত্তম শইকীয়া January 19, 2019 8:53 pm
citizenship-amendment-bill

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বোকাখাতত জীপাল কৃষক শ্ৰমিক সংগঠনৰ উদ্যোগত এক জোঁৰ সমদল বাহিৰ কৰা হয়। বোকাখাতৰ বালিজান গাঁৱৰ পৰা উলিওৱা উক্ত সমদলত প্ৰতিবাদকাৰী সকলে ঢোলে ডগৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আজিৰ এই প্ৰতিবাদৰ প্ৰতি অসম ঢুলীয়া শিল্পী সমাজ, আমটেঙা মহিলা উন্নয়ন গোট আৰু নতুন গাঁও যুৱ মঞ্চয়ো সহযোগিতা আগবঢ়ায়।

হাতত জোঁৰ লৈ ওলাই অহা সমদলকাৰী সকলে বালিজান গাঁৱৰ পৰা আহি বোকাখাত নগৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী সমদলত নাগৰিকত্ব সংশেধনী বিধেয়ক বাতিলৰ দাবীৰ লগতে প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।