NORTHEAST NOW (Assamese)
দেশ

বিঘিনি! ক’ভিদ ধৰা পৰাৰ পিছতে নিৰুদ্দেশ হ’ল তাজমহল দৰ্শনৰ বাবে অহা আৰ্জেণ্টিনাৰ পৰ্যটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 29, 2022 7:42 pm
Tourist Missing After Testing Covid

সম্ভাৱ্য ক’ভিদ ঢৌৰ আশংকাই আতংকিত পৰি ৰাখিছে দেশ। চীনত ক’ভিদৰ পুনৰ ভয়াৱহ সংক্ৰমণৰ পাছতে ক’ভিদ প্ৰতিৰোধৰ বাবে যো-জা চলাইছে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰস্তুতিৰ প্ৰাৰম্ভিক নীতি হিচাপে আন্ত:ৰাষ্ট্ৰীয় যাত্ৰীৰ ক’ভিদ পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে।

পিছে শেহতীয়া এক কাণ্ডক লৈ শলঠেকত পৰিছে প্ৰশাসন। প্ৰকাশিত খবৰ অনুসৰি, যোৱা ২৬ ডিচেম্বৰত তাজমহল পৰিদৰ্শন কৰিবলৈ অহা আৰ্জেণ্টিনাৰ এগৰাকী পৰ্যটকৰ দেহত ধৰা পৰিছিল ক’ভিদৰ উপস্থিতি।

তাজমহলত স্ক্ৰীনিংৰ সময়ত পৰ্যটকগৰাকীৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু এন্টিজেন টেষ্টত ক’ভিদ পজিটিভ পোৱাৰ লগে লগে তেওঁক তাজমহলৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।

ঘটনা সন্দৰ্ভত আগ্ৰাৰ মুখ্য চিকিৎসা বিষয়া ড০ অৰুণ কুমাৰ শ্ৰীবাস্তৱে জানিবলৈ দিয়া মতে ক’ভিদ সংক্ৰমিত বুলি ধৰা পৰাৰ পিছতে বিদেশী পৰ্যটকগৰাকী নিৰুদ্দেশ হয়।

শ্ৰীবাস্তৱে লগতে উল্লেখ কৰা মতে পৰ্যটকগৰাকীয়ে তেওঁৰ যোগাযোগৰ তথ্য ভুলকৈ প্ৰদান কৰিছিল, যাৰ ফলত তেওঁক বিচাৰি বিপদৰ সন্মুখীন হয় প্ৰশাসন। অৱশ্যে পিছত স্থানীয় কৰ্তৃপক্ষ আৰু আৰক্ষীৰ সহায়ত তেওঁক বিচাৰি উলিওৱা হয়৷

ঘটনা সন্দৰ্ভত তেওঁ কয়, “তাজমহল পৰিদৰ্শন কৰিবলৈ অহা এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ দেহত ২৬ ডিচেম্বৰত ক’ভিদ পজিটিভ পোৱা গৈছিল। এন্টিজেন টেষ্টত পজিটিভ পোৱাৰ লগে লগে তেওঁক তাজমহল চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।”

“তেওঁ আমাক যোগাযোগৰ তথ্য ভুলকৈ দিছিল। আমি ট্ৰেচ কৰিবলৈ চেষ্টা কৰাৰ পিছত অৱশ্যে স্থানীয় কৰ্তৃপক্ষ, আৰক্ষী, এ এছ আই আৰু ওচৰৰ হোটেলৰ সহায়ত নিৰুদ্দেশ হোৱা লোকজনৰ সবিশেষ জানিব পৰা যায়।”— শ্ৰীবাস্তৱে লগতে কয়।