NORTHEAST NOW (Assamese)

চেন্নাইত বাণিজ্য কেন্দ্ৰক ৫৫০ খন বিচানাযুক্ত কোৱাৰেণ্টাইন কক্ষলৈ ৰূপান্তৰ

April 16, 2020 4:38 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডুৰ এখন বাণিজ্য কেন্দ্ৰক কোৱাৰেণ্টাইন চেণ্টাৰলৈ ৰূপান্তৰ কৰা হয়।

তামিলনাডুৰ গ্ৰেটাৰ চেন্নাই কৰ্পোৰেশ্যনৰ কমিশ্যনাৰ জি প্ৰকাশে মঙলবাৰে নন্দমবাক্কম বাণিজ্য কেন্দ্ৰত ৫৫০ খন বিচনাযুক্ত এটা কোৱাৰেণ্টাইন চেণ্টাৰ মুকলি কৰে।

বাণিজ্য কেন্দ্ৰটোক কোৱাৰেণ্টাইন চেণ্টাৰলৈ ৰূপান্তৰিত কৰাৰ লগতে ক’ৰ’না ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাও কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ১২,০০০ অতিক্ৰম কৰিছে।

ইতিমধ্যে ভবিষ্যতে ক’ৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হ’ব পৰাকৈ বিভিন্ন ৰাজ্যত ষ্টেডিয়াম, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ হোষ্টেলকো কোৱাৰেণ্টাইন চেণ্টাৰলৈ ৰূপান্তৰ কৰা হৈছে।

অসমতো সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ লগতে নেহেৰু ষ্টেডিয়ামত ক’ৰ’না আক্ৰান্ত ৰোগী সকলৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰ গঢ়ি তোলা হৈছে।

Related News