NORTHEAST NOW (Assamese)

মৰ্মান্তিক! ২৫০ ফুট দ কুঁৱাত পৰি শ্বাসৰুদ্ধ হৈ মৃত্যু এটি তিনি বছৰীয়া কন্যাশিশুৰ

July 30, 2024 8:48 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 30, 2024 9:01 pm

দেউতাকৰ খেতিপথাৰত খেলি আছিল এগৰাকী কন্যাশিশুৱে। আন্ধাৰৰ বাবে দেখা নোপোৱাকৈয়ে মাটিৰ কাষতে থকা কুঁৱাত পৰিল এগৰাকী তিনি বছৰীয়া কিশোৰী। পাঁচ ঘণ্টা চেষ্টা কৰি কুঁৱাৰ পৰা উলিয়াই অনা সম্ভৱ হ’ল যদিও তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল। কুঁৱাত শ্বাসৰুদ্ধ হৈ তেওঁৰ মৃত্যু হয়।

সোমবাৰে সন্ধিয়া মধ্যপ্ৰদেশৰ চিঙৰাউলী জিলাৰ নিবাসী পিণ্টু চাহুৰ কন্যা সৌম্যা কুঁৱাত পৰি যায়। দুপৰীয়া দেউতাকৰ পথাৰত খেলি আছিল। আন্ধাৰ হোৱাৰ লগে লগে তেওঁ মাটিৰ কাষৰ ২৫০ ফুট দ এটা কুঁৱাত পৰিল৷ এই খবৰ পাই ততাতৈয়াকৈ উপস্থিত হয় আৰক্ষী। উদ্ধাৰকাৰী দলকো অৱগত কৰা হয়।

বৰগাঁও থানাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া শিৱপূজন মিশ্ৰই সন্ধিয়া সেই স্থানলৈ যায়। সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে উদ্ধাৰ কাম আৰম্ভ কৰে। পাঁচ ঘণ্টা চেষ্টা কৰি কণমানিজনীক কুঁৱাৰ পৰা উলিয়াই আনিলে। তেতিয়া তেওঁৰ কোনো জ্ঞান নাছিল। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে চিকিৎসকে পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে।

ঘটনাটোৱে গাঁওখনত শোকৰ ছাঁ পেলাইছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পৰিয়ালক গতাই দিয়া হৈছে।

Related News