NORTHEAST NOW (Assamese)

মাজনিশা গদাধৰ নৈৰ বুকুত ভয়াবহ নাঁও দুৰ্ঘটনা; দুজনৰ সলিল সমাধি

April 10, 2019 11:23 am · এন ই নাও নিউজ
ধুবুৰীৰ নাঁও দুৰ্ঘটনা স্থলীত উদ্ধাৰকাৰী দলৰ অভিযান। উৎস-ইণ্টাৰনেট

মঙলবাৰে নিশা ধুবুৰীত গদাধৰ নৈৰ বুকুত সংঘটিত হোৱা নাঁও দুৰ্ঘটনাত এটি শিশু আৰু চায়না বিবি নামৰ এগৰাকী মহিলাই প্ৰাণ হেৰুৱাৰ লগতে জাহেদা খাতুন নামৰ এগৰাকী আঠ বছৰীয়া ছাত্ৰী সন্ধানহীন হৈ আছে। এখন যাত্ৰীবাহী যন্ত্ৰচালিত নাঁও আৰু মালবাহী নাৱৰ মাজত নদীৰ বুকুত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে ধুবুৰীৰ কুন্তীচৰৰ দ্বিতীয় খণ্ড গাঁৱত এখন বিবাহ অনুষ্ঠিত হোৱাৰ পাছত দৰা-কইনাৰ লগতে বিবাহ যাত্ৰী সকলে গদাধৰ নৈৰ বুকুৰে এখন যন্ত্ৰ চালিত নাৱত যাত্ৰা কৰিছিল কিন্তু বিধিৰ কৰুণ পৰিহাস নিশাৰ অন্ধকাৰত বিপৰীত দিশৰ পৰা আহি থকা আন এখন নাৱৰ লগত বিবাহ যাত্ৰীৰ দলটো থকা নাঁওখনৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়।

মাজনিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত বিবাহ যাত্ৰীসকলে যাত্ৰা কৰি থকা নাঁওখন নৈৰ বুকুৰ বুৰ যোৱাৰ ফলত দুজন আৰোহীৰ সলিল সমাধি ঘটে। দুৰ্ঘটনাৰ পৰা কোনোমতে প্ৰাণ বচাবলৈ সক্ষম হোৱা এগৰাকী যাত্ৰীৰ ভাষ্য অনুসৰি নাৱখনত মুঠ ৪৫ গৰাকী যাত্ৰী আছিল আৰু অধিকাংশই দুৰ্ঘটনাটোৰ ফলত নদীৰ বুকুত পৰি যাই যদিও সাতুৰি নিজৰ জীৱন বচাবলৈ সক্ষম হয়। ঘটনাটো মাজনিশা সংঘটিত হোৱা বাবে কোনো উদ্ধাৰকাৰী দলে খবৰ লাভ কৰা নাছিল বুলিও যাত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে, দুৰ্ঘটনাটোত ৭ জন লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোকসকলক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত বৰ্তমান উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, ২০১২ চনৰ ৩০ এপ্ৰিলৰ ধুবুৰীত সংঘটিত শিহৰণকাৰী নাঁও দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যক কপাঁই গৈছিল।

Related News