NORTHEAST NOW (Assamese)

চাংসাৰিত দ্ৰুতবেগী বাছৰ খুন্দাত থিতাতে প্ৰাণ গ’ল পিতৃ আৰু কন্যাৰ

July 12, 2019 7:48 am · এন ই নাও নিউজ
দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ছবি। উৎস-ইণ্টাৰনেট

কামৰূপ জিলাৰ চাংসাৰিত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত পিতৃ আৰু কন্যাকে ধৰি দুগৰাকী লোক থিতাতে নিহত হয়।

নিহত লোক দুগৰাকীৰ নাম অজয় বসুমতাৰী আৰু মিৰালী বসুমতাৰী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত গাড়ীখনৰ চালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত চালকগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনাৰ বিৱৰণী অনুসৰি অজয় বসুমতাৰীয়ে কন্যাৰ সৈতে কোকৰাঝাৰৰ পৰা গুৱাহাটী অভিমুখে এখন ফৰচুনাৰ গাড়ীত আহি আছিল। চাংসাৰিৰ ওচৰ পোৱাৰ সময়তে এখন দ্ৰুতবেগী বাছে তীব্ৰ জোৰেৰে তেওঁলোকৰ গাড়ীখনত খুন্দা মাৰে আৰু বাছখনৰ খুন্দাত গাড়ীৰ ভিতৰত থকা অজয় বসুমতাৰী আৰু তেওঁৰ কন্যা মিৰালী বসুমতাৰী থিতাতে মৃত্যু হয়।

আনহাতে, দুৰ্ঘটনাক কেন্দ্ৰ কৰি চাংসাৰিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰাৰ লগতে মৃতদেহ দুটা চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী বাছ সমূহৰ দৌৰাত্মৰ কথা উল্লেখ কৰি শীঘ্ৰে আৰক্ষী, প্ৰশাসনক এনেধৰণৰ যানবাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

Related News