NORTHEAST NOW (Assamese)

বোকাখাতত এ বি ভি পিৰ মিশ্যন সাহসীৰ প্ৰশিক্ষণ শিৱিৰ মুকলি

October 21, 2018 8:44 pm · উত্তম শইকীয়া
Updated: October 21, 2018 8:46 pm
ফটো : নৰ্থ-ইষ্ট নাও

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বোকাখাত শাখাৰ উদ্যোগত আজি বোকাখাতত মিশ্যন সাহসী নামৰ এটা প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ কৰা হয়। এই প্ৰশিক্ষণ শিৱিৰৰ জৰিয়তে নাৰীৰ আত্মৰক্ষাৰ বাবে এক সপ্তাহৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

এই উপলক্ষে আজি বিয়লি বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য আকাশ ফুকন,  দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনিমেষ শইকীয়া,  বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যাপক সুবোধ বৰা, বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সভাপতি নাৰায়ণ উপাধ্যায়, বোকাখাত শাখাৰ সম্পাদক বিদ্যুত শইকীয়া,  বজৰং দলৰ বোকাখাত শাখাৰ সম্পাদক ৰাজা সুত্ৰধৰৰ লগতে অন্যান্য বহুতো বিষয় ববীয়া উপস্থিত থাকে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বোকাখাত শাখাৰ সভাপতিয়ে সভাপতিত্ব কৰা উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ দুগৰাকী মহিলা খেলুৱৈ ক্ৰমে মিনতি ফুকন আৰু ৰূপা বৰুৱাক সম্বৰ্ধনা জনেৱা হয়।

উল্লেখ্যযোগ্য যে আজিৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিৱিৰত প্ৰশিক্ষক হিচাপে অনুষ্টুপ নৰহে প্ৰশিক্ষণ প্ৰদান কৰিব। প্ৰশিক্ষণত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।

Related News