NORTHEAST NOW (Assamese)

শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি : দুদিনলৈ স্থগিত বিজেপিৰ সকলো ৰাজনৈতিক কাৰ্যসূচী

June 18, 2020 1:51 pm · কল্পজ্যোতি শইকীয়া

আজি অনুষ্ঠিত হ’বলগীয়া “অসম জন সম্বোধন’’ শীৰ্ষক ভাৰ্চুৱেল ৰেলী বাতিল কৰা হৈছে ।

লাডাখ উপত্যকাৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দুদিনলৈ এই কাৰ্যসূচী স্থগিত ৰখা হৈছে।

পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক সংবাদমেল সম্বোধন কৰি এই কথা জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

ইপিনে, কিছু সময় পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শ্বহীদ জোৱানসকলৈ শ্ৰদ্ধাঞ্জলি জনাই দেশৰ যিকোনো প্ৰান্তত সকলো ৰাজনৈতিক কাৰ্যসূচী দুদিনৰ বাবে অৰ্থাৎ ১৮ আৰু ১৯ জুনত বাতিল কৰিবলৈ আহ্বান জনাইছিল ।

তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ ভাৰ্চুৱেল ৰেলীৰ লগতে জনসম্পৰ্ক অভিযান স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

অহা ২০ জুনৰ পৰা পুনৰ বিজেপিৰ জনসম্পৰ্ক অভিযান আৰম্ভ হ’ব বুলি ৰঞ্জিত দাসে জনায়।

উল্লেখযোগ্য যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠিত হ’বলগীয়া ভাৰ্চুৱেল ৰেলিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাস উপস্থিত থকাৰ কথা আছিল।

Related News