বৃহত্তৰ ত্ৰিপৰালেণ্ড সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য
শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে টিপ্ৰা মোঠা পাৰ্টিয়ে উত্থাপন কৰা বিষয়সমূহৰ ওপৰত কেন্দ্ৰ আৰু ত্ৰিপুৰাৰ নতুন বিজেপি চৰকাৰে আলোচনা কৰাৰ প্ৰয়োজন আছে।
শৰ্মাই কয় যে বিজেপি আৰু টিএমপিৰ মাজত আলোচনা পুনৰ আৰম্ভ হ’ব পাৰে। কিন্তু সেয়া সাংবিধানিক পৰিকাঠামোৰ অধীনত হ’ব লাগিব আৰু ত্ৰিপুৰাক বিভাজন কৰাৰ স্বাৰ্থত এই আলোচনা হ’ব নালাগিব।
হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে আগৰতলাত সাংবাদিকৰ আগত কয় যে আদিবাসীসকলৰ সৈতে জড়িত বিষয়সমূহ আলোচনা হ’ব লাগে।
উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিক্ৰম মাণিক্য দেৱ বৰ্মনৰ সৈতে কেইবাটাও ৰাউণ্ডৰ আলোচনাত মিলিত হোৱা মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আলোচনা পুনৰ আৰম্ভ হ’ব পাৰে কিন্তু আমি ‘বৃহত্তৰ ত্ৰিপৰালেণ্ডৰ কথা ক’ব নোৱাৰো।
লগতে ড০ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোডীৰ সুশাসনৰ বাবেই উত্তৰ–পূবৰ বেছিভাগ ৰাজ্যতে বিজেপিক ৰাইজে আঁকোৱালি লৈছে।
ত্ৰিপুৰাৰ নব্য নিৰ্বাচিত বিজেপি নেতাসকলৰ সৈতে চৰকাৰ গঠনৰ সন্দৰ্ভত আলোচনা কৰি শৰ্মাই কয় যে ত্ৰিপুৰাত ৮ মাৰ্চত শপতগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে মেঘালয় আৰু নাগালেণ্ডত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব অহা ৭ মাৰ্চত।
উল্লেখ্য যে সংবিধানৰ ২ আৰু ৩ নং অনুচ্ছেদৰ অধীনত ‘বৃহত্তৰ ত্ৰিপৰালেণ্ড’ গঠনৰ বাবে টিমএপি এ দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে।